পোন প্ৰথমবাৰৰ বাবে কালি তেজপুৰৰ হজৰাপাৰত অনুষ্ঠিত হ’ল আন্তঃজিলা ড্ৰেগণ ব’ট চেম্পিয়নিশ্বিপ।”আমাৰ খেল আমাৰ উৎষৱ” বাণীৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত পুৰুষ শাখাত মৰিগাঁৱে প্ৰথম, দক্ষিণ কামৰূপে দ্বিতীয় আৰু কামৰূপে তৃতীয় স্থান লাভ কৰে। বিপৰীতে মহিলাৰ শাখাত শোণিতপুৰে প্ৰথম আৰু কামৰুপে দ্বিতীয় স্থান লাভ কৰে।
প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্প’ৰ্টছ অৰ্থৰিটি অৱ আছামৰ সঞ্চালক প্ৰধান ওংকাৰমূল কেডিয়া, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি, অসম অলিম্পিক সন্থাৰ উপ সভাপতি ৰিতুবৰণ শৰ্মা আদি ব্যক্তিসকল।
অসম ট্ৰেডিচনেল স্প’ৰ্টছ এণ্ড ড্ৰেগন ব’ট এচশ্বিয়েছনৰ উদ্যোগত আৰু সংস্থাটোৰ শোণিতপুৰ জিলা সমিতিৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত মুঠ ১১ খন জিলাই অংশগ্ৰহণ কৰে।