অলিম্পিকৰ পূৰ্বে জাপানত পৰীক্ষামূলকভাৱে অনুষ্ঠিত হ’ব জিমনাষ্টিকছ প্ৰতিযোগিতা

অলিম্পিয়াৰ প্ৰতিবেদন

কৰ’না মহামাৰীৰ বাবে ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিক ২০২১ চনলৈ পিছুৱাই দিয়া হৈছিল। বন্ধ হৈ থকা ক্ৰীড়া ক্ষেত্ৰতলৈ পুনৰ খেলুৱৈৰ আগমণ ঘটিছে যদিও এতিয়াও সাধাৰণ দৰ্শকৰ বাবে ষ্টেডিয়াম খুলি দিয়া হোৱা নাই। বন্ধ ষ্টেডিয়ামৰ ভিতৰত দৰ্শক অবিহনেই অনুষ্ঠিত কৰা হৈছে বিভিন্ন ক্ৰীড়াৰ প্ৰতিযোগিতাসমূহ। ইয়াৰ মাজতে ২০২১ চনত জাপানৰ টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকৰ পূৰ্বে টকিঅ’ পৰীক্ষামূলকভাৱে অনুষ্ঠিত কৰিব একা আন্তঃৰাষ্ট্ৰীয় জিমনাষ্টিকছ প্ৰতিযোগিতা। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই প্ৰতিযোগিতাখন ২০০০ জন দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হ’ব।

জাপান, চীন, আমেৰিকা আৰু ৰাছিয়াৰ মুঠ ৩২ জন জিমনাষ্টে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাখনত ২০০০ দৰ্শকৰ বাবা আসনৰ ব্যৱস্থা কৰা হৈছে।

ইফালে প্ৰতিযোগিতাখনত ভাগল’বলগীয়া বিদেশী খেলুৱৈয়ে ১৪ দিনৰ কোৱাৰেণ্টাইন সময় পাৰ কৰিব নালাগিব বুলিও জনোৱা হৈছে। অৱশ্যে জাপানত থকাৰ সময়ত প্ৰতিজন জিমনাষ্টে প্ৰতিদিনে নিজৰ ক’ভিড পৰীক্ষা কৰিব লাগিব। অলিম্পিকৰ পূৰ্বে পৰীক্ষামূলকভাৱে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *