অলিম্পিয়াৰ প্ৰতিবেদক ঃ ক্ৰীড়া আলোচনী অলিম্পিয়াৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজিত হৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী মুকলি ক্ৰীড়া কুইজ প্ৰতিযোগিতাখন ২১ জুলাইত কটন বিশ্ববিদ্যালয়ৰ ছুদমাৰ্ছন হলত সুকলমে অনুষ্ঠিত হৈ যায়। ‘জীৱনৰ বাবে ক্ৰীড়া’ শীৰ্ষক কুইজ প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন জিলাৰ ৪০টা দলে অংশগ্ৰহণ কৰে। কুইজ মাষ্টাৰ নয়নজ্যোতি বৰাৰ পৰিচালনাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনত প্ৰথম স্থান লাভ কৰি হৰেন্দ্ৰ নাথ বৰুৱাৰ পৰিয়ালে আগবঢ়োৱা ১৫,০০০ টকা প্ৰাইজমানী, চি ই চিৰ উপহাৰৰ সামগ্ৰী আৰু আসাম বুক ট্ৰাষ্টে আগবঢ়োৱা কিতাপৰ টোপোলা লাভ কৰে নগাঁৱৰ দুল হাজৰিকা আৰু বিশ্বজ্যোতি বৰাই। দ্বিতীয় স্থান লাভ কৰি শিশুৰাম বৰদলৈৰ পৰিয়ালে আগবঢ়োৱা ১২,০০০ টকাৰ প্ৰাইজমানী, চি ই চিৰ উপহাৰ সামগ্ৰী আৰু ৰেখা প্ৰকাশনে আগবঢ়োৱা কিতাপৰ টোপোলা লাভ কৰে নগাঁৱৰ চন্দ্ৰজিত দাস আৰু অমিয় কুমাৰ বৰুৱাই। তৃতীয় স্থান লাভ কৰি চি ই চিয়ে আগবঢ়োৱা ৯,০০০ টকা, উপহাৰ সামগ্ৰী আৰু কিতাপৰ টোপোলা লাভ কৰে সাংবাদিকদ্বয় দিলীপ কুমাৰ শৰ্মা আৰু দীপাংকৰ কৌশিকে। চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰি ক্ৰমে হেমন্ত গগৈ, বিশ্বজ্যোতি দাস, দ্বিজেন ডেকা, সৌৰভ কুমাৰ তালুকদাৰ আৰু সীমান্ত গোস্বামীয়ে ৩,০০০ হাজাৰকৈ নগদ ধনৰ লগতে কিতাপৰ টোপোলা লাভ কৰে।। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীকে শুভেচ্ছা জ্ঞাপন কৰে অলিম্পিয়াৰ পৰিচালন সম্পাদক চিৰঞ্জীৱ শৰ্মাই। পুৱা প্ৰতিযোগিতাখনৰ প্ৰাৰম্ভিকতে অসমপ্ৰাণ হৰেন্দ্ৰ নাথ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসমৰ ক্ৰীড়া সাংবাদিকতাৰ অন্যতম বাটকটীয়া প্ৰেমধৰ শৰ্মাই, লগতে উদ্বোধনী ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক তথা অলিম্পিয়াৰ সম্পাদনা উপদেষ্টা মানস কুমাৰ মহন্তই। লগতে পুৱাৰ অনুষ্ঠানত উপস্থিত থাকে শিশু সাহিত্যিক যুগললোচন দাস, বিশিষ্ট সাংবাদিক জয়ন্ত দাস, নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যক্ষ ডাঃ ভাৰ্গৱজ্যোতি চহৰীয়া আৰু কাৰ্বি আংলঙৰ ডেনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জীৱন পাটৰ। বিয়লি আয়োজিত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে হৰেন্দ্ৰ নাথ বৰুৱাৰ পুত্ৰ ৰাজীৱ প্ৰকাশ বৰুৱা, ছাইৰ সঞ্চালক ডঃ সুভাষ বসুমতাৰী, ক্ৰীড়া সাংবাদিক সুবোধমল্ল বৰুৱা, চি ই চিৰ সঞ্চালক দীপাংকৰ দত্ত, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো খেলুৱৈ পৰাগধৰ কোঁৱৰ আদি বিশিষ্ট ব্যক্তিসকলে। অনুষ্ঠানটোৰ আঁত ধৰে ৰিতু গগৈয়ে।
You may also like
কালিলৈ নলবাৰী ক্ৰিকেট সন্থাৰ বাছনি শিবিৰ
অপূৰ্ব সৌন্দৰ্যৰ অধিকাৰী শ্বাটলাৰ জালা গুট্টাৰ কি সম্পৰ্ক চীন আৰু মহাত্মা গান্ধীৰ সৈতে?
অসম অলিম্পিক সন্থাৰ স্বাধীনতা দিৱস উদযাপন
ৰিণিকি ভূঞা শৰ্মাক মুখ্য পৃষ্ঠপোষক, পিযূষ হাজৰিকাক পৃষ্ঠপোষক আৰু পল্লৱলোচন দাসক সভপতি হিচাপে লৈ বাস্কেটবল ক্লাবৰ নতুন কাৰ্যকৰী কমিটি গঠন
ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰৰ উদ্যোগত সূৰ্য নমস্কাৰ