অলিম্পিয়াৰ কাৰ্যবাহী সম্পাদক উপেন চক্ৰৱৰ্ত্তীয়ে কাকষ্টেটত চলাব দুঃসাহসিক অভিযান। অসম পৰ্বতাৰোহন সন্থাই পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে শীতকীলীন পৰ্বতাৰোহন কাৰ্যসূচী। লাডাখ অঞ্চলৰ ৬৪৪২ মিটাৰ উচ্চতাৰ কাকষ্টেটট চলিব এই দুঃসাহসিক অভিযান। চলিত ফেব্ৰুৱাৰী মাহতে অসম তথা উত্তৰপূৰ্বাঞ্চলৰ প্ৰথমটো দলে প্ৰথমবাৰৰ বাবে এই শীতকালীন অভিযান আৰম্ভ কৰিব। অভিযানৰ কালচোৱাত কাকষ্টেটৰ তাপমান মাইনাছ ২০ ডিগ্ৰীৰ পৰা মাইনাছ ৪০ ডিগ্ৰীৰ ভিতৰত থাকিব বুলি অনুমান কৰা হৈছে। অসম পৰ্বতাৰোহন সন্থাৰ আগন্তুক এভাৰেষ্ট অভিযানৰ অংশ হিচাপে এই অভিযান আৰম্ভ কৰা হৈছে। এই দুঃসাহসিক অভিযানৰ বাবে মানস বৰুৱাৰ নেতৃত্বতযাবলগীয়া অসম দলটোৰ সদস্য সকল হ’ল অলিম্পিয়াৰ কাৰ্যবাহী সম্পাদক উপেন চক্ৰৱৰ্ত্তী, পুলক মহন্ত, ভাস্কৰ বৰুৱা, কৌশিক দাস, শেখৰ বৰদলৈ, ধ্ৰৱজ্যোতি হাজৰিকা, কৃষ্ণা বসুমতাৰী আৰু ৰতন বসুমতাৰী। ইতিমধ্যে ভাৰতীয় পৰ্বতাৰোহন সন্থাই অসম পৰ্বতাৰোহন সন্থাৰ এই অভিযানক অনুমোদন জনোৱাৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই অভিযানৰ ফ্লেগ অফ কৰিছে।
You may also like
টি-২০ বিশ্বকাপৰ বাবে সাজু ৯ খন ষ্টেডিয়াম : প্ৰয়োজনত শ্ৰীলংকা অথবা UAE লৈয়ো স্থানান্তৰ হব পাৰে প্ৰতিযোগিতাখন
১৭ বাৰ অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰা এটা পৰিয়াল
অলিম্পিকৰ দুৱাৰ ৰুদ্ধ হ’ব পাৰে ছাইনা আৰু শ্ৰীকান্থৰ
শীঘ্ৰেই আমাজন প্ৰাইমত “মাৰাডোনা”: মুকলি হল টিজাৰ
শিৱ শংকৰ ৰয়: অসমৰ ক্রীড়াক্ষেত্ৰৰ শুভচিন্তকজন!