অলিম্পিয়াৰ ক্ৰীড়াসাহিত্য প্ৰতিযোগিতা

অলিম্পিয়াৰ ক্ৰীড়াসাহিত্য প্ৰতিযোগিতা

অলিম্পিয়াৰ প্ৰতিবেদক ঃ অসমৰ একমাত্ৰ ক্ৰীড়া আলোচনী ‘অলিম্পিয়াই উদীয়মান লেখকসকলৰ মাজত ক্ৰীড়ামূলক গল্গ লিখা আৰু প্ৰবন্ধ লিখা প্ৰতিযোগিতা আয়োজন কৰে । গল্প প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী চাজিনা ইয়াচবিনে, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে শিৱসাগৰৰ হিৰন্ময়ী গগৈ কোঁৱৰ আৰু ৰীতু গগৈয়ে। উদগনিমূলক বঁটা লাভ কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ অনুপম চেতিয়াই। ক্ৰীড়ামূলক প্ৰৱন্ধ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ জ্ঞানদ্বীপ হাজৰিকাই। দ্বিতীয় স্থান লাভ কৰে নলবাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰী মনস্বিতা শৰ্মা আৰু উদগনিমূলক বঁটা লাভ কৰে ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী নিহাৰিকা বৰাই। পুৰষ্কাৰসমূহ ৫ জুন তাৰিখে অসম অলিম্পিকৰ সভাগৃহত এক আৰম্বৰপূৰ্ণ অনুষ্ঠানত বটা বিতৰণ কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *