ইউনাইটেড কাৰাটে ড’ সন্থা চমুকৈ উকাৰ স্বীকৃতি বাতিল কৰিলে অসম অলিম্পিক সন্থাই। যোৱা ২১ নৱেম্বৰত অনুষ্ঠিত হোৱা অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বুলি জানিব পৰা গৈছে। দেশভক্ত তৰুণ ৰাম ফুকন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা উক্ত বাৰ্ষিক সাধাৰণ সভাত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সভাতেই অসমত বহুধা বিভক্ত হৈ থকা কাৰাটে সংগঠন সমূহক একত্ৰিকৰণৰ বাবে ‘আকা’, ‘আছকা’ আদি সংগঠনসমূহে সহমত পোষণ কৰাত অসম অলিম্পিক সন্থাই ধন্যবাদ জ্ঞাপন কৰিছিল। আনহাতে সন্থাৰ তত্ত্বাৱধানতে অসমত পুনৰ নতুনকৈ এক কাৰাটেৰ ৰাজ্যিক সংগঠন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সন্থাৰ এই প্ৰচেষ্টাত সহমত পোষণ নকৰাৰ লগতে ‘উকা’ নামৰ সংগঠনটোৰ স্বীকৃতি বাতিল কৰিলে অসম অলিম্পিক সন্থাই।
ইফালে সৰ্বভাৰতীয় পৰ্যায়ত বৰ্তমানলৈকে কোনো কাৰাটেৰ সন্থাক ভাৰতীয় অলিম্পিক সন্থাই স্বীকৃতি প্ৰদান কৰা নাই। সেয়ে অসম অলিম্পিক সন্থাই ভাৰতীয় অলিম্পিক সন্থাৰ নিৰ্দেশ মৰ্মে অসমত বহুধা বিভক্ত হৈ থকা সংগঠন সমূহ ভংগ কৰি অসম অলিম্পিক সন্থাই কাৰাটে সংগঠনসমূহক একত্ৰীকৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিছুদিনৰ পিছতে ৰাজ্যত অসম অলিম্পিক সন্থাৰ তত্বাৱধানতে কাৰাটেৰ নতুন ৰাজ্যিক কমিটিখন গঠন কৰা হ’ব বুলি জানিব পৰা গৈছে।
You may also like
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহে দেখুৱালে ভাৰতৰ ক্ৰীড়াৰ সোণালী দিনৰ সপোন
আই পি এলত এৰাতিৰ ভিতৰতে কোটিপতি হ’ল টেম্প’চালকৰ পুত্ৰ
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনালে সৌৰভ গাংগুলীয়ে
বিজয় হাজাৰেৰ দ্বিতীয় মেচত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ অসমৰ
মণ্টিনেগ্ৰ’ এড্ৰিয়াটিক পাৰ্ল বক্সিং টুৰ্ণামেণ্টত ভাৰতীয় মহিলাৰ আধিপত্য : পাঁচটা স্বৰ্ণৰ সৈতে মুঠ ১০ টা পদকেৰে শীৰ্ষত ভাৰত