debojit hazarika

অসম ক্ৰিকেটৰ সংস্কাৰ সাধনৰ লক্ষ্যৰে ন ন কাৰ্যপন্থা এ চি এৰ অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াৰ মনৰ কথা

সাক্ষাৎ গ্ৰহণ ঃ চিৰঞ্জীৱ শৰ্ম

ক নতুন প্ৰত্যাশা তথা কিছু অশাপ্ৰদ কৰ্মপন্থাৰে ইতিমধ্যেই গঠিত হৈছে অসম ক্ৰিকেট সন্থাৰ নতুন কমিটীখন। যিকোনো এবিধ ক্ৰীড়াৰ ভৱিষ্যত নিৰ্ধাৰণকাৰী এনে সংস্থাসমূহ বহু সময়ত গঠিত হয় এক নিৰ্দিষ্ট সময়ৰ বাবে। বহু ক্ষেত্ৰতেই দেখা যায় এনে সংস্থাসমূহ সু-নিৰ্দিষ্ট নীতি তথা কৰ্মপন্থাৰ অভাৱত যিমান ফলদায়ক হিচাপে চিহ্নিত হ’ব লাগে সিমান নহয়গৈ। অসম ক্ৰিকেট সন্থাৰ নতুন কমিটীখনে ক্ৰিকেটৰ ক্ষেত্ৰখনলৈ এক ধনাত্মক বাতাৱৰণ কঢ়িয়াই আনিছে নিজৰ কৰ্মপন্থাৰ জৰিয়তে। কিছু ঘাত-প্ৰতিঘাতৰ মাজেৰে আহি নতুন কমিটীখনে কিছু পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শইকীয়াক লৈ গঠিত কমিটীখনে অসমৰ ক্ৰিকেটক গতিশীলতা প্ৰদান কৰি ভাৰতীয় ক্ৰিকেটৰ মানচিত্ৰত সবল ৰূপত অসমক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে যি সমূহ পদক্ষেপ গ্ৰহণ কৰিছে তাৰেই  এক অংশ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ কথা ক’ব লাগিব। মুঠ ৯২ লাখ টকাৰে সমগ্ৰ অসমৰ ক্ৰিকেট ক্লাবসমূহক একত্ৰিত কৰি আয়োজন কৰা অসমৰ ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ বৃহৎ টুৰ্নামেণ্ট×খনিৰ সাফল্যই অসম ক্ৰিকেটৰ বহুতো ন ন দিশক পোহৰলৈ আনিব পাৰিব বুলি আশা কৰিব পাৰি।

অসম ক্ৰিকেটৰ দুই এক দিশৰ বিষয়ে সবিশেষ¸ জানিবলৈ অমি কাষ চাপিছিলো অসম ক্ৰিকেট সন্থাৰ নৱনিৰ্বাচিত  সম্পাদক তথা এসময়ৰ অসম ৰঞ্জি দলৰ সদস্য বিশিষ্ট ক্ৰীড়া সংগঠক দেৱজিৎ শইকীয়াৰ।

১) শেহতীয়াকৈ অসম ক্ৰিকেট সন্থাৰ কাৰ্যভাৰ গ্ৰহণ কৰি আপুনি কিছু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। সাধাৰণতে দেখা যায় যে অসমৰ ক্ৰিকেটাৰে মূল ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম নহয়। ইয়াৰ আঁৰৰ কাৰণ আপুনি কি বুলি ভাবে· আপোনাৰ নেতৃত্বত অসমে এইক্ষেত্ৰত কিবা পৰিৱৰ্তন আশা কৰিব পাৰেনে·

উত্তৰ ঃ অসমৰ পৰা গৈ আজিৰ তাৰিখলৈ মূল ভাৰতীয় দলত খেলাটো এটা বৃহৎ প্ৰত্যাহ্বানৰ কথা। বৰ্তমান মোৰ দৃষ্টিত যিখন ছবি ফুটি উঠিছে, সেই দৃষ্টিৰে চালে এই কথা ক’ব লগিব যে বেটিঙত সদ্যহতে অসমৰ পৰা নিৰ্বাচিত হৈ যাব পৰাকৈ খেলুৱৈ নাই। অথবা থকাকেইজনে সেই মানৰ খেল প্ৰদৰ্শন কৰিবলৈ হয়তো সক্ষম হোৱা নাই। আনহাতে, বলিঙৰ ক্ষেত্ৰত কথাটো সুকীয়া। আমি যদি যোৱা চাৰি-পাঁচ বছৰৰ অসমৰ বলাৰৰ প্ৰদৰ্শন লক্ষ্য কৰোঁ, তেন্তে ক’ব লাগিব যে আমাৰ হাতত সম্ভাৱনাপূৰ্ণ বলাৰৰ অভাৱ নাই। দুবছৰৰ আগতে কৃষ্ণ দাস সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হৈছিল। অৰূপ দাসেও যথেষ্ট ভাল খেলি আছে। ২০১৮-১৯ ছীজনটোত আন এজন নতুন সম্ভাৱনাপূৰ্ণ বলাৰৰ আবিৰ্ভাৱ হৈছে। তেওঁ হৈছে মুখতাৰ হুছেইন। তেৱোঁ যথেষ্টসংখ্যক উইকেট ল’বলৈ সক্ষম হৈছে। ৰাজাকুদ্দিন বুলিও এজন খেলুৱৈ আগবাঢ়ি আহিছে।

এই আটাইকেইজনে যদি ধাৰাবাহিকতা  ৰক্ষা কৰি চলিব পাৰে, তেন্তে অনাগত সময়ত নিশ্চয় ভাল ফলাফল আশা কৰিব পৰা যায়। এইকেইজন খেলুৱৈৰ ওপৰত গুৰুত্ব দি আগবাঢ়ি যাব খুজিছো। অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা মই চেষ্টা কৰিম যে এই তিনি-চাৰিজন খেলুৱৈক আমি হয় অষ্ট্ৰেলিয়া নহয় ইংলেণ্ডত ফাষ্ট বলিং কোচিঙৰ বাবে কোনোবা একাডেমীত কেইমাহমানৰ বাবে নামভৰ্তি কৰাব পৰা যায় নেকি। আমি আমাৰ ফালৰ পৰা কৰিব পৰাখিনি কৰিবলৈ চেষ্টা কৰিম। বাকীখিনি তেওঁলোকৰ প্ৰদৰ্শনৰ পৰিসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকে সন্তোষজনক প্ৰদৰ্শন আগবঢ়ালে আমি বি চি চি আই পৰ্যায়ত কিদৰে আবেদন জনাব লাগে সেইখিনি নিশ্চয়কৈ কৰিম।

প্ৰশ্ন ঃ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপে কেনেদৰে অসমৰ ক্ৰিকেটক আগবঢ়াই নিবলৈ সক্ষম হ’ব বুলি ভাবে·

উত্তৰ ঃ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ হৈছে নতুন কমিটীখনে গ্ৰহণ কৰা প্ৰথমটো এনে পদক্ষেপ, য’ৰ পৰা অসম ক্ৰিকেট বিশেষভাৱে লাভান্বিত হ’ব বুলি আশা কৰিব পাৰি। অসম ক্ৰিকেট সন্থাই কেতিয়াও ক্লাব ক্ৰিকেট অনুষ্ঠিত কৰা নাছিল। আমি দায়িত্ব লোৱাৰ এমাহ ৩ দিনৰ ভিতৰত এই টুৰ্নামেণ্টখন আৰম্ভ কৰিলো। ইয়াত ৩০৪টা ক্লাবে অংশগ্ৰহণ কৰিছে আৰু প্ৰায় ৬০০০ক্ৰিকেটাৰে নিজৰ খেল প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে। এই টুৰ্নামেণ্টখনৰ পৰা আমি এই বৃহৎসংখ্যক খেলুৱৈ গ্ৰু¸প এটা লাভ কৰিম। প্ৰতিজন খেলুৱৈৰে প্ৰদৰ্শনৰ ডাটাখিনি আমি সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিছো। এই প্ৰতিযোগিতাৰ পৰা ওলাই অহা শ্ৰেষ্ঠ খেল প্ৰদৰ্শনকাৰীসকলক আমি আগন্তুক দুই-তিনি মাহমানৰ ভিতৰত বিশেষ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ জৰিয়তে আমি খেলুৱৈৰ Bench strengthটো বঢ়াবলৈ চেষ্টা কৰিছো, যাতে যোগ্য খেলুৱৈৰ অভাৱ কোনোদিনে নহয়।

আগতে কথাটো এনেকুৱা আছিল যে যিকোনো খেলুৱৈয়ে এখন খেলত ৫০ ৰানৰ এটা ইনিংছ খেলিলে, বাকীকেইখন খেলত ভাগ লোৱাৰ ক্ষেত্ৰত তেওঁ নিশ্চিন্ত হৈ থাকিব পাৰে, কাৰণ  Replacementৰ বাবে তেতিয়া খেলুৱৈৰ অভাৱ আছিল। এতিয়া এই ধাৰণাটো সলনি কৰিবলৈ চেষ্টা কৰা হৈছে, যাতে ৫০ কৰাজনে উন্নত প্ৰদৰ্শনৰ জৰিয়তে পৰৱৰ্তী মেচসমূহত তাতোকৈ বেছি ৰান কৰাৰ বাবে চেষ্টা কৰে, অন্যথা তেওঁৰ স্থান দখল কৰিবলৈ পৰ্যাপ্ত খেলুৱৈ আমাৰ মাজত উপলব্ধ থাকিব। এনেকুৱা এটা পৰিৱেশ গঢ়াত অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপে নিশ্চয়কৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হ’ব।

প্ৰশ্ন ঃ সাধাৰণতে দেখা যায় যে ঘৰুৱা প্ৰশিক্ষকতকৈ বাহিৰৰ প্ৰশিক্ষক নিযুক্তিয়ে খেলুৱৈসকলক বেছিকৈ লাভান্বিত কৰে। এই ক্ষেত্ৰত আপোনালোকেও বাহিৰৰ প্ৰশিক্ষক নিযুক্তি দিয়াৰ কথা বিবেচনা কৰিছে নেকি·

উত্তৰ ঃ হয়, আপুনি ঠিকেই কৈছে। ইতিমধ্যেই আমি ফ্ৰণ্ট ৰেংকিঙ দুই-তিনিজন প্ৰশিক্ষকৰ লগত কথা পাতিছো। এইবাৰ আমি খেলুৱৈৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত এক স্পষ্ট নীতি অনুসৰণ কৰাৰ কথা চিন্তা কৰিছো। ক্লাব চেম্পিয়নশ্বিপ শেষ হোৱাৰ লগে লগেই মে’ৰ প্ৰথম সপ্তাহৰ পৰা আন্তঃজিলা প্ৰতিযোগিতা আৰম্ভ হ’ব। দুয়োখন প্ৰতিযোগিতাৰ অন্তত বিভিন্ন বয়স শাখাৰ সৰ্বমুঠ ১২০জন খেলুৱৈক নিৰ্বাচিত কৰি উলিওৱা হ’ব। জুলাই মাহৰ ১৫তাৰিখৰ ভিতৰত এই খেলুৱৈসকলক  আমি প্ৰশিক্ষকৰ হাতত গতাই দিম। ইতিমধ্যেই মই উল্লেখ কৰিছোৱেই যে ভাৰতৰ শ্ৰেষ্ঠ প্ৰশিক্ষকৰ সৈতে কথা-বতৰা হৈ আছে। এতিয়াই নাম উল্লেখ কৰিব বিচৰা নাই তথাপি কওঁ যে অসম ক্ৰিকেটে এইবাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত এক সু-স্পষ্ট নীতি অনুসৰণ কৰি অগবাঢ়িব বিচাৰিছে। প্ৰশিক্ষণৰ বাবে আগতকৈ অধিক সময় খেলুৱৈসকলক দিয়া হ’ব। প্ৰশিক্ষণৰ অন্তত ৪০জনীয়া এটা সম্ভাব্য দল ৰঞ্জি ট্ৰফী আৰু অন্যান্য ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ বাবে বাছনি কৰা হ’ব। পূৰ্বতে টুৰ্নামেণ্টসমূহ আৰম্ভ হোৱাৰ ১৫-২০ দিন আগতে প্ৰশিক্ষক নিযুক্তি দি প্ৰশিক্ষণৰ কাম আৰম্ভ কৰা হৈছিল যদিও এইবাৰ খেলুৱৈসকলে প্ৰায় তিনি-চাৰি মাহ সময় প্ৰশিক্ষণৰ বাবে লাভ কৰিব।

প্ৰশ্ন ঃ আগতীয়াকৈ নিযুক্তি পোৱাৰ সম্ভাৱনা থকা কোনো প্ৰশিক্ষকৰ নাম ল’ব পাৰে নেকি·

উত্তৰ ঃ এতিয়াই নাম ল’বলৈ অসুবিধা। ভাৰতৰ বিখ্যাত প্ৰশিক্ষকৰ মাজৰ পৰাই প্ৰশিক্ষক নিযুক্তি দিয়া হ’ব। তেওঁৰ সৈতে আমাৰ ইয়াৰ প্ৰশিক্ষকমণ্ডলীও থাকিব। আমাৰ ইয়াৰ প্ৰশিক্ষকসকলকো Îট্ৰইন আপ কৰাৰ ব্যৱস্থা থাকিব। আমাৰ হাতত ভাল প্ৰশিক্ষক ইতিমধ্যেই আছে। মূল প্ৰশিক্ষক এজনৰ নিযুক্তিয়ে তেওঁলোককো বহু ক্ষেত্ৰত সহায় কৰিব। আমাৰ খেলুৱৈসকলৰ এটা ডাঙৰ সমস্যা হৈছে সঠিক Match Temparamentৰ অভাৱ। মেচ কম খেলাৰ বাবেই আমাৰ খেলুৱৈয়ে হাই ভল্টেজ খেলসমূহত চাপ নিয়ন্ত্ৰণৰ বাবে অসমৰ্থ হয়। এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি মেচৰ সংখ্যা বঢ়োৱাৰ দৰে সিদ্ধান্তও লৈছো। তদুপৰি অসমৰ খেলুৱৈসকলৰ আন এটা সমস্যা আছে। সেয়া হৈছে দলত স্থান লাভ কৰাৰ পিছত খেলুৱৈসকল কেজুৱেল হৈ যায়। প্ৰফেছনেলিজমৰ অভাৱ খেলুৱৈসকলৰ মাজত দেখিবলৈ পোৱা যায়। এই সকলো দিশ চোৱা-চিতা কৰাৰ লগতে খেলুৱৈ এজনৰ মানসিক স্থিতিৰো অধ্যয়ন কৰিব পৰাকৈ মেণ্ট্ৰে×ল ষ্ট্ৰেংথনিং কোচ এজনকো নিযুক্তি দিয়াৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে।

প্ৰশ্ন ঃ ক্ৰিকেটৰ প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় সকলোখিনি সা-সুবিধা আমাৰ ইয়াত উপলব্ধনে· আপুনি কি ভাবে·

উত্তৰ ঃ ন্যূনতম সা-সুবিধাখিনি যদিও আছে, তথাপি আমাৰ কিছু অভাৱো আছে। আমি আমাৰ বেট্‌ছমেনসকলক ৰান কৰিব নোৱাৰে বুলি সকলো সময়তে দোষাৰোপ কৰি থকিলে নহ’ব। কিয়নো আমাৰ অসমত টাৰ্ফ উইকেটৰ যথেষ্ট অভাৱ আছে। ভাল বেট্‌ছমেন লাভ কৰিবলৈ আমি উপযুক্ত উইকেটো যোগান ধৰিব লাগিব। অসমত যথেষ্ট পৰিমাণৰ বৰষুণ গোটেই বছৰজুৰি হয়। যথেষ্ট সংখ্যক টাৰ্ফ উইকেট নথকা কথাটোৱে খেলুৱৈসকলৰ খেলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাই আহিছে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি অসম ক্ৰিকেট সন্থাই লোৱা এক সিদ্ধান্ত মৰ্মে আমাৰ ৬টা জ’নৰ দুটাকৈ ইউনিটত আমি টাৰ্ফ উইকেটৰ ব্যৱস্থা কৰিম।

প্ৰশ্ন ঃ অসম ক্ৰিকেট সন্থাৰ নতুন কমিটীখন আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যাব·

উত্তৰ ঃ ইতিমধ্যে মই কৈছোৱেই ৬টা জ’নত টাৰ্ফ উইকেট নিৰ্মাণ কৰাৰ কথা। আমাৰ বাবে প্ৰাথমিক প্ৰয়োজনীয়তাখিনি হৈছে এখন ক্ৰিকেট ফিল্ড, মাজত চাৰি-পাঁচটা উইকেট, বাহিৰত অনুশীলনৰ বাবে দুখন বা তিনিখন উইকেট, এটা সৰু পেভিলিয়ন। আমাৰ মূল লক্ষ্য হ’ব প্ৰথমতে এই প্ৰয়োজনীয়তাখিনি পূৰণ কৰা। আমাৰ কাৰ্যকালৰ তিনিটা বছৰত ১৫খন সেইধৰণৰ ক্ৰিকেট ফিল্ড নিৰ্মাণ কৰিব পাৰিলেও আমি সফল হোৱা বুলি ভাবিম। খেলুৱৈক ভাল উইকেট প্ৰদান কৰাটোৱেই হ’ব আমাৰ প্ৰাথমিক লক্ষ্য। এখন ভাল উইকেটৰ অবিহনে ভাল খেলুৱৈ সৃষ্টি অসম্ভৱ।

প্ৰশ্ন ঃ ইয়াৰ বাহিৰেও অসম ক্ৰিকেট সন্থাই আনুষংগিক আন আন কি কি বিষয়ৰ ওপৰত গুৰুত্ব দিব·

উত্তৰ ঃ আন্তঃগাঁথনি নিৰ্মাণ আমাৰ প্ৰধান অগ্ৰাধিকাৰ হ’ব। তাৰপিছত ঘৰুৱা ক্ৰিকেটৰ পৰিৱেশটোক এক গতিশীলতা প্ৰদান কৰাও আমাৰ অন্যতম লক্ষ্য। ইয়াৰ লগতে উপযুক্ত প্ৰশিক্ষণ আৰু বিশেষজ্ঞ¸ দলৰ নিৰীক্ষণৰ মাজেৰে নিয়মিতভাৱে ক্ৰিকেট মেচ অনুষ্ঠিত কৰাটোক অসম ক্ৰিকেট সন্থাই আন এক লক্ষ্য হিচাপে ঠিক কৰি লৈছে। নিয়মিত টুৰ্নামেণ্টসমূহ অনুষ্ঠিত কৰি খেলুৱৈসকলৰ প্ৰদৰ্শন সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ বাবে আমাৰ পৰ্যবেক্ষক থাকিব। সেই প্ৰদৰ্শনৰ ভিত্তিতেই পিছলৈ দল নিৰ্বাচন কৰা হ’ব।

প্ৰশ্ন ঃ ক্ৰিকেটৰ বিকাশৰ ক্ষেত্ৰত কোনো বিশেষ জিলাক অগ্ৰাধিকাৰ প্ৰদান কৰি আগবঢ়াৰ কথা আপোনালোকে ভাবিছে নেকি· আন্তঃগাঁথনিৰ ক্ষেত্ৰত জিলাসমূহ কেনে পৰ্যায়ত আছে·

উত্তৰ ঃ নাই নাই। অসমৰ সকলো জিলাকেই সমানে আগবঢ়াই লৈ যোৱা হ’ব। কোনো বিশেষ জিলাক অগ্ৰাধিকাৰ দিয়াৰ কথা নাহে।

জিলাসমূহৰ আন্তঃগাঁথনিৰ দিশটোৰ ওপৰতো আমি গুৰুত্ব প্ৰদান কৰিছো। ইতিমধ্যেই গোৱালপাৰাত ভাল উইকেট নিৰ্মাণ হৈছে। তাত আমি বেলেগকৈ উইকেট নিৰ্মাণৰ কথা ভবা নাই। গোলাঘাটতো এখন ফিল্ড আছে যদিও আমি ফৰকাটিঙত আন এখন ফিল্ড নিৰ্মাণৰ কথা চিন্তা কৰিছো। ঠিক সেইদৰে বিশ্বনাথত খুব ভাল ফিল্ড এখন আছে, পেভিলিয়নো আছে, কিন্তু পিট্‌চখন ঠিক নহয়। গতিকে তাত  পিট্‌চ নিৰ্মাণৰ কথা ভবা হৈছে। বৰপেটাত বি চি চি আই টুৰ্নামেণ্ট এখন অনুষ্ঠিত হোৱাৰ কথা। গতিকে উইকেট নিৰ্মাণৰ বাবে আমাৰ কিউৰেটৰ দুই এদিনতে তাত উপস্থিত হ’ব। ধেমাজিত এখন উপযুক্ত ফিল্ড আছে যদিও উইকেটৰ অৱস্থা অতি শোচনীয়। তাতো উইকেট নিৰ্মাণ কৰা হ’ব। তেজপুৰৰ পল’ গ্ৰাউণ্ডত ৰূপদাহঁতৰ নেতৃত্বত পুনৰ উলহ-মালহেৰে টুৰ্নামেণ্ট অনুষ্ঠিত হৈছে। তাতো আমি টাৰ্ফ উইকেট তৈয়াৰ কৰাৰ বাবে চিন্তা কৰিছো। ঠিক সেইদৰে ওদালগুৰি আৰু নলবাৰীতো উইকেট নিৰ্মাণ কৰা হ’ব।

প্ৰশ্ন ঃ খেলুৱৈসকলৰ প্ৰতি সংস্থাৰ নৱনিৰ্বাচিত সম্পাদক হিচাপে কি আহ্বান জনাব·

উত্তৰ ঃ আমি সংস্থাৰ ফালৰ পৰা প্ৰয়োজনীয় সকলোখিনি আগবঢ়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। তেওঁলোকৰ বাবে প্ৰয়োজনীয় Îট্ৰইনাৰ, ফিজিঅ’, মেণ্টেল টাফনেছ কোচ আদি আমি যোগান ধৰিম। বাকী নিয়মানুৱৰ্তিতা, ধাৰাবাহিকতা আদি বিষয়সমূহ তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। সকলোতকৈ প্ৰয়োজনীয় কথাটো হৈছে খেলুৱৈসকলৰ মাইণ্ডছেটটো। তেওঁলোক দৃঢ় মানসিকতাৰে আগবাঢ়ি যাব লাগিব। ইতিমধ্যে মই যোৱা সপ্তাহত দিল্লী ক্ৰিকেট সন্থাৰ সভাপতি ৰজত শৰ্মাৰ সৈতেও কথা হৈছো। তেওঁক অনুৰোধ জনাইছো আমাৰ ১৫-২০ জন খেলুৱৈক যাতে গৰমৰ দিনত হট ৱেডাৰ টুৰ্নামেণ্টত খেলাৰ সুবিধা কৰি দিয়ে। খেলুৱৈসকলে টাফ ৱেডাৰ ক্ৰিকেট খেলাটো তেওঁলোকৰ বিকাশৰ বাবে প্ৰয়োজনীয়। তদুপৰি কোনো এটা ছীজনত এটা পঞ্চাশ বা ষাঠি ৰানৰ ইনিংছ খেলি বছৰৰ বাকী সময়খিনিতো দলত নিগাজিকৈ খেলি থাকিব পাৰিম বুলি ভবা ধাৰণাটোও সলনি কৰিবৰ হ’ল। কিয়নো এতিয়াৰ পৰা আমাৰ বেঞ্চ ষ্ট্ৰেংথত প্ৰতিজন খেলুৱৈৰ বিপৰীতে ৬-৭গৰাকীকৈ খেলুৱৈ উপলব্ধ থাকিব। আমাৰ পৰ্যবেক্ষকৰ দল থাকিব। কোনো খেলুৱৈয়ে উন্নত প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰিলে তেওঁৰ পিছত সুযোগৰ বাবে ৰৈ থকা খেলুৱৈসকলক সেই স্থান এৰি দিব লাগিব। এইক্ষেত্ৰত সংস্থা আগতকৈ কঠোৰ হ’ব একমাত্ৰ খেলবিধৰ সামগ্ৰিক উন্নতিৰ স্বাৰ্থত। তেওঁলোকৰ বাবে প্ৰয়োজনীয় আমি সকলোখিনিয়েই কৰিম। কিন্তু একে সময়তে আমিও বিচাৰিম তেওঁলোক নিয়মানুৱৰ্তী হোৱাৰ লগতে খেলটোৰ প্ৰতি যাতে দায়বদ্ধও হয়।

প্ৰশ্ন ঃ মহিলা ক্ৰিকেট সম্পৰ্কে আপোনালোকে কেনেধৰণৰ চিন্তা কৰিছে·

উত্তৰ ঃ মহিলা ক্ৰিকেটো আমি সমানেই আগবঢ়াই লৈ যাম। সদ্যহতে আমি অনূৰ্ধ্ব ১৯, ২৩ আৰু ছিনিয়ৰ ক্লাব ক্ৰিকেটেৰে আমাৰ কৰ্ৰ্মসূচী আৰম্ভ কৰিছো। লাহে লাহে আমাৰ মনোযোগ ক্ৰিকেটৰ বাকী ক্ষেত্ৰসমূহলৈও লৈ যোৱা হ’ব। মহিলা ক্ৰিকেটত এতিয়ালৈকে আমাৰ আন্তঃজিলা দল গঠন হোৱা নাই। এইক্ষেত্ৰত অসম ক্ৰিকেট সন্থাই প্ৰথমে মহিলাৰ আন্তঃমণ্ডল দলসমূহ গঠন কৰাৰ বাবে ব্যৱস্থা ল’ব। আন্তঃমণ্ডল প্ৰতিযোগিতাৰো আয়োজন কৰা হ’ব। তাৰ পিছত ক্ৰমান্বয়ে জিলা দলসমূহো গঠন কৰাৰ বাবে সন্থাই ব্যৱস্থা গ্ৰহণ কৰিব।

ঃশেষত আশা কৰিছো আপোনাৰ সবল নেতৃত্বত অসম ক্ৰিকেট বহুদূৰ আগুৱাই যাবলৈ সক্ষম হ’ব। ঃ ধন্যবাদ

Leave a Reply

Your email address will not be published. Required fields are marked *