অসম প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ নতুন কমিটী গঠন

নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্রতিবেদন

গঠন হ’ল অসম প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ নতুন কমিটী। গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত অসম প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ সাধাৰণ সভাত এই কমিটীখন গঠন কৰা হয়। চয়ন ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন ভলীবল খেলুৱৈ নৃপেন দাসক সভাপতি তথা ভবেন্দ্ৰ কুমাৰ ডেকাক সম্পাদক হিচাবে লৈ দুবছৰৰ বাবে গঠন কৰা হয় এখন ৩৫ জনীয়া কমিটী। নতুন কমিটীখনৰ কাৰ্যকৰী সভাপতি চয়ন ৰয়, উপ-সভাপতি হৰিশ গোস্বামী, মনোজ পাঠক, সতীশ দাস, ডাঃ নিলোৎপল কাকতি, যুটীয়া সম্পাদক বকুল দাস, অম্বা শইকীয়া পাটগিৰি, ধীৰেন শৰ্মা, প্ৰসন্ন তালুকদাৰ, সহ সম্পাদক নয়ন চৌধুৰী, ধ্যানজ্যোতি দাস, সন্ধ্যা শৰ্মা, দিগন্ত দাস, কোষাধ্যক্ষ প্ৰদীপ শৰ্মা, প্ৰচাৰ সম্পাদক দীপক কুমাৰ দাস আদিৰে গঠন কৰা হয় ৩৫ জনীয়া কমিটীখন। এই সভাতে সন্থাৰ আন্তঃজিলা ভলীবল প্ৰতিযোগিতাখন গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত অহা ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *