অৰ্জুন ভোগেশ্বৰ বৰুৱা

জন্ম ঃ ০৩.০৯.১৯৩৭

পিতৃ-মাতৃঃ ভদ্ৰেশ্বৰ বৰুৱা, আইকণ বৰুৱা

খেলঃ এথলেটিক্‌ছ প

অৰ্জুন ভোগেশ্বৰ বৰুৱা এটা নাম নহয় যেন এটা অনুষ্ঠানৰহে নাম। আন্তৰ্জাতিক ক্ৰীড়া ক্ষেত্ৰত লাভ কৰা ঈৰ্ষণীয় সফলতাৰে হৈ পৰিছিল তেওঁ অসমৰ প্ৰথমজন অৰ্জুন। বৰ্ণিল জীৱন প্ৰৰিক্ৰমাৰে নিজকে ক্ৰীড়াক্ষেত্ৰত প্ৰতিষ্ঠা কৰা বৰুৱাৰ কেৰিয়াৰো বৰ্ণিল। এগৰাকী দৌৰবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰা ক্ৰীড়াবিদজনে কিন্তু খেলুৱৈ জীৱন আৰম্ভ কৰিছিল অন্যন্যা ক্ৰীড়াৰে। ক্ৰীড়াবিদ জনে প্ৰথমে বাৰু কি খেলিছিল· ১৯৭২-৭৩ চনত দিল্লীত অনুষ্ঠিত এথলেটিক্‌ছ প্ৰতিযোগিতাত অংশগ্ৰহণেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিক্‌ছ জীৱন আৰম্ভ কৰিছিল। এথলেটিকছ ক্ষেত্ৰত ভৰি দিয়া মাত্ৰ ২ বছৰ পিছতে প্ৰথমটো আন্তৰ্জাতিক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বহু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অভিলেখ সৃষ্টি কৰি পদক লাভ কৰিবলৈ সক্ষম হোৱা অৰ্জুন ভোগেশ্বৰ বৰুৱাই ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰলৈ অগবঢ়োৱা অৱদানৰ বাবে ১৯৬৭ চনত ভাৰত চৰকাৰে সেই সময়ৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান অৰ্জুন বঁটা প্ৰদান কৰে