ভাৰত ইংলেণ্ডৰ মাজত চলি থকা তৃতীয় আৰু চতুৰ্থ টেষ্টৰ বাবে ঘোষণা কৰিলে ভাৰতীয় দলটো। প্ৰথম টেষ্টত পৰাজয়ৰ পিছত দ্বিতীয় টেষ্টত শক্তিশালী প্ৰত্যাবৰ্তন কৰিবলৈ সক্ষম হোৱা ভাৰতীয় দলটো অৱশিষ্ট দুখন টেষ্টৰ বাবে আত্মবিশ্বাসী প্ৰৱল হৈ আছে। এই অৱশিষ্ট দুয়োখন টেষ্ট অনুষ্ঠিত হ’ব মোটেৰা ষ্টেডিয়ামত। ইয়াৰে আকৌ প্ৰথমখন টেষ্ট হ’ব দিবা-নৈশ। ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এই দিবা-নৈশ টেষ্টখন।
ঘোষিত দলটোত এইবাৰ অন্তৰ্ভুক্ত কৰা হৈছে পেচ বলাৰ উমেশ তাদৱক। যাদৱক চাৰ্দুল ঠাকুৰৰ ঠাইত অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে দলত তেওঁৰ চূড়ান্ত স্থান এতিয়াও নিশ্চিত হোৱা নাই। ফিটনেছ টেষ্টত উত্তীৰ্ণ হোৱাৰ পিছতহে তেওঁ দলত স্থান লাভ কৰাটো নিশ্চিত হ’ব।
শৃংখলাৰ তৃতীয় আৰু মোটেৰাৰ প্ৰথমখন টেষ্ট দিবা-নৈশ হোৱাৰ লগতে ইয়াত গোলাপী বল ব্যৱহাৰ কৰা হ’ব। বিশেষজ্ঞৰ দাবী এই টেষ্ট স্পীন আৰু বেগী বলাৰৰ বাবে উপযোগী হৈ পৰিব। যাৰ বাবে ভাৰতীয় দলটোৱে এই টেষ্টত তিনিগৰাকী বেগী বলাৰৰ সৈতে খেল পথাৰত নামিব বুলি চৰ্চা চলিছে। এই তিনটা স্থান পূৰণ কৰিব বুমৰাহ, ঈশান্ত আৰু মহম্মদ চিৰাজে। অৱশ্যে ইয়াৰে কোনোবা এজনক বিশ্ৰাম দিলেই দললৈ বাট মুকলি হ’ব উমেশ যাদৱৰ। আনহাতে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াৰ ফিটনেছ বলিংৰ উপযোগী হৈ পৰিলে দললৈ আগমন ঘটিব বুলি খৱৰ প্ৰকাশ পাইছে।
অৱশিষ্ট দুখন টেষ্টৰ বাবে ভাৰতৰ দলটো : বিৰাট কোহলি (অধিনায়ক) ৰোহিত শৰ্মা, মায়ংক আগৰৱাল, শুভমন গীল, চেতেশ্বৰ পূজাৰা, আজিংক্য ৰাহানে, লোকেশ ৰাহুল, হাৰ্ডিক পাণ্ডিয়া, ঋষভ পণ্ট (উইকেট কিপাৰ) ঋদ্ধিমান শাহা (উইকেট কিপাৰ), ৰবিচন্দ্ৰন আশ্বিন, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ইশান্ত শৰ্মা, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ।
ইয়াৰ উপৰিও উমেশ যাদৱৰ স্থান ফিটনেছ টেষ্টৰ ওপৰত নিৰ্ভৰ কৰিব।
ষ্টেণ্ডবাই খেলুৱৈ : কে এছ ভৰত আৰু ৰাহুল চাহৰ।
নেট বলাৰ : অংকিত ৰাজপুত, সন্দীপ ৱাৰিয়ৰ, কৃষ্ণপ্পা গৌতম, সৌৰভ কুমাৰ অৱে’স খান।
You may also like
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহে দেখুৱালে ভাৰতৰ ক্ৰীড়াৰ সোণালী দিনৰ সপোন
আই পি এলত এৰাতিৰ ভিতৰতে কোটিপতি হ’ল টেম্প’চালকৰ পুত্ৰ
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনালে সৌৰভ গাংগুলীয়ে
বিজয় হাজাৰেৰ দ্বিতীয় মেচত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ অসমৰ
মণ্টিনেগ্ৰ’ এড্ৰিয়াটিক পাৰ্ল বক্সিং টুৰ্ণামেণ্টত ভাৰতীয় মহিলাৰ আধিপত্য : পাঁচটা স্বৰ্ণৰ সৈতে মুঠ ১০ টা পদকেৰে শীৰ্ষত ভাৰত