অৱশেষত অনিচ্ছয়তা আতৰিল : চতুৰ্থখন টেষ্ট ব্ৰীছবেনত খেলিবলৈ মান্তি হ’ল ভাৰত

অৱশেত ব্ৰীছবেনত খেলিবলৈ মান্তি হ’ল ভাৰতীয় ক্ৰিকেট দল। অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় দলটোৱে চতুৰ্থখন টেষ্ট ব্ৰীছবেনত খেলিবলৈ আগ্ৰহী নহয় বুলি জনাইছিল। অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় দলটোৱে ক’ভিড-১৯ ৰ প্ৰ’টকল কিছু হ্ৰাস কৰিবলৈ আৱেদন জনাইছিল। ক’ভিড-১৯ ৰ প্ৰ’টকলে ভাৰতীয় দলটোক হতাশ কৰি তুলিছে। ব্ৰীছবেনত ক’ভিড-১৯ৰ সংক্ৰমনে গুৰুত্বপূৰ্ণ ৰূপ ধাৰণ কৰাৰ বাবে ক’ভিড-১৯ ৰ প্ৰ’টকল অধিক কঠোৰ কৰা হৈছে। যাৰ বাবে ভাৰতীয় দলটোৱে ব্ৰীছবেনত খেলিবলৈ আগ্ৰহী নাছিল। ব্ৰীছবেনত ভাৰতীয় দলটোৰ সদস্যসকলে কেৱল মাত্ৰ এটা ফ্ল’ৰতহে লগ হোৱাৰ অনুমতি লাভ কৰিব। ক্ৰিকেটাৰসকলে দ্বিতীয় ফ্ল’ৰলৈ যাব নোৱাৰে। ইয়াৰ উপৰিও মেডিকেল টিমো নিজৰ ফ্ল’ৰ এৰি অন্য ফ্ল’ৰলৈ যাব নোৱাৰে। এনে কঠোৰ ক’ভিড-১৯ প্ৰ’টকলৰ বাবে ভাৰতীয় দলটোৱে ব্ৰীছবেন টেষ্ট খেলাৰ ইচ্ছা প্ৰকাশ কৰা নাছিল।

শেহতীয়াকৈ খৱৰ আহিছে ভাৰতীয় ক্ৰিকেট দলটোৱে চৰ্ত সাপেক্ষে ব্ৰীছবেন টেষ্ট খেলিবলৈ মান্তি হৈছে। ভাৰতীয় দলটোৱে চৰ্ত ৰাখিছে যে ব্ৰীছবেন টেষ্ট সমাপ্ত হোৱাৰ লগে লগে তেওঁলোক ভাৰতলৈ ঘূৰি আহিব। কোনো কাৰণতে তাত তেওঁলোক নাথাকিব। ক্ৰিকেট অষ্ট্ৰেলিয়াই আগতীয়াকৈ এই ব্যৱস্থা কৰিব লাগিব।

জানিব পৰা মতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই বিষয়ত ক্ৰিকেট অষ্ট্ৰেলিয়াক লিখিত উত্তৰ প্ৰদান কৰিছে।

চাৰিখন টেষ্টৰ ছিৰিজটোত বৰ্তমানলৈকে অমিমাংসিত হৈ আছে্। এডিলেইডত খেলা প্ৰথমখন টেষ্টত ভাৰত লজ্জাজনকভাৱে পৰাস্ত হোৱাৰ পিছত মেলবৰ্ণত খেলা দ্বিতীয়খন টেষ্টত ভাৰতে অষ্ট্ৰেলিয়াক ৮উইকেটত পৰাস্ত কৰি ক্ষমতা স্থাপন কৰিছিল। আনহাতে তৃতীয়খন টেষ্টত ভাৰতে ধৈৰ্যশীল বেটিং কৰি টেষ্ট মেচখন ড্ৰ কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *