আই পি এলত দিল্লীৰ ক্ৰিকেটাৰে কিয় দিল্লীৰ হৈ নেখেলে?

আপুনি নিশ্চয় জানে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ গৃহ ৰাজ্য দিল্লী। আন এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ জনপ্ৰিয় ধাৰাভাষ্যকাৰ আকাশ চোপ্ৰাৰ গৃহ ৰাজ্য‌ও দিল্লী। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে বিৰাট কোহলি দিল্লীৰ ক্ৰিকেটাৰ হৈ আই পি এলত কিয় দিল্লীৰ হৈ নেখেলে?

আই পি এলত এনে বহু ক্ৰিকেটাৰ আছে যিয়ে নিজৰ গৃহ ৰাজ্যৰ আই পি এল দলৰ হৈ খেলাৰ পৰিৱৰ্তে অন্য দলৰ হৈ হে আই পি এলত অংশগ্ৰহণ কৰে। নিলামত ফ্ৰেঞ্চাইজিয়ে নিজৰ সুবিধা অনুসৰি এই ক্ৰিকেটাৰসকলক ক্ৰয় কৰে। কোনোবাজনক যদি এটা ছিজন নিজৰ লগত ৰাখি পৰবৰ্তী ছিজনত ৰিলিজ কৰি দিয়ে ঠিক একেদৰে যাক প্ৰয়োজন হয় তেওঁক ফ্ৰেঞ্চাইজিয়ে ৰিতেইন কৰে।

আজি আপোনালোকক মাত্ৰ তিনিজন এনে ক্ৰিকেটাৰৰ বিষয়ে কম যি কেইজনে আই পি এলত নিজৰ গৃহ ৰাজ্যৰ ফ্ৰেঞ্চাইজিৰ হৈ আই পি এলত অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে অন্য ফ্ৰেঞ্চাইজিৰ হৈ খেলি আহিছে।

বিৰাট কোহলি

কোহলি এনে এগৰাকী ক্ৰিকেটাৰ যিয়ে আই পি এলৰ বিগত ১৩ টা বছৰত এবাৰো ফ্ৰেঞ্চাইজি সলনি কৰিবলগীয়া হোৱা নাই। আই পি এলৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলৰ বৰ্তমানৰ অধিনায়ক কোহলিয়ে দলটোক এটা দশক কাল নেতৃত্ব দিছে। অৱশ্যে এই এটা দশকত তেওঁ দলটোক এটাও আই পি এলৰ খিতাপ দিবলৈ সক্ষম নহ’ল। তথাপিও আৰ চি বিৰ দলীয় মেনেজমেণ্টে তেওঁৰ ওপৰত বিশ্বাস দেখুৱাই আহিছে। এইগৰাকী বিৰাটৰ গৃহ ৰাজ্য পিছে দিল্লী হে। বৰ্তমানৰ দিল্লী কপিটেলছ আৰু পূৰ্বৰ দিল্লী ডেয়াৰডেভিলছ কোনো এটা দলৰ লগতেই সংযুক্ত নহ’ল।

আকাশ চোপ্ৰা

আপুনি হয়তো আচৰিত হ’ব ধাৰাভাষ্যকাৰ আকাশ চোপ্ৰাক আকৌ এই তালিকাত কিয় স্থান দিয়া হ’ল? আচৰিত নহ’ব অলপ জোৰ দিলেই মনত পৰিব আকাশ চোপ্ৰাই আই পি এলৰ প্ৰথম দুটা ছিজনত অংশগ্ৰহণ কৰিছিল। যদিও তেওঁ ধাৰাভাষ্যকাৰ হিচাপেহে জনপ্ৰিয়তা লাভ কৰিলে তথাপিও তেওঁ এগৰাকী ক্ৰিকেটাৰ। এইগৰাকী দিল্লীৰ প্ৰাক্তন ক্ৰিকেটাৰে আই পি এলৰ প্ৰথমটো ছিজনত কলকাতা নাইটৰাইডাৰ্ছৰ হৈ অংশগ্ৰহণ কৰাৰ বিপৰীতে দ্বিতীয়টো ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ অংশগ্ৰহণ কৰিছিল। আকাশ চোপ্ৰাইয়ো দিল্লী কেপিটেলছ বা পূৰ্বৰ দিল্লী ডেয়াৰডেভিলছৰ হৈ আই পি এলত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ নকৰিলে।

নীতিশ ৰানা

এইগৰাকী দিল্লীৰ ক্ৰিকেটাৰো দিল্লী কেপিটেলছৰ সদস্য হোৱাৰ সুযোগ লাভ কৰা নাই। তেওঁ কলকাতা নাইটৰাইডাৰ্ছৰ হৈ আই পি এলত অংশগ্ৰহণ কৰি আহিছে। দলটোৰ আপাৰ-মিডল অৰ্ডাৰ বেটছমেন নীতিশে ২০১৬ চনৰ পৰা কলকাতা নাইটৰাইডাৰ্ছৰ নিয়মীয়া খেলুৱৈ হিচাপে নিজৰ প্ৰদু অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *