অলিম্পিয়া প্ৰতিবেদন
বিভিন্ন কাৰণত ভাৰতত বহুকেইবাৰ অনুষ্ঠিত হোৱা নাই জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এল। দেশৰ বাহিৰত আই পি এল আয়োজন হ’লেই ইউ এ ই হৈ পৰে ভাৰতৰ বাবে প্ৰথম পছন্দৰ ঠাই। তাৰেই সুবাদত আই পি এল আয়োজন কৰি ইউনাইটেড আৰব এমিৰাটছে ঘটিছে বৃহৎ পৰিমাণৰ ধন। ২০১৪ত আই পি এল আয়োজন কৰি ইউ এই উপাৰ্জন কৰিছিল ২৯৫ কৌটি টকা। ক’ভিড ১৯ ৰ পৰিস্থিতিৰ বাবে পুনৰ আই পি এল ২০২০ চনত ইউ এ ই ত আয়োজন কৰা হৈছিল। অৱশ্যে, ২০১৪তকৈ ২০২০ বৰ্ষত মহামাৰীৰৰ বাবে যথেষ্ট কম লাভান্বিত হয় ইউ এ ই। ২০২০ ত দেশখনে আই পি এলৰ পৰা ১৭১ কৌটি টকা উপাৰ্জন কৰে। ক’ভিড ১৯ ৰ দ্বিতীয়টো ঢৌৰ বাবে আই পি এল ২০২১ চনত পুনৰ আয়োজন কৰা হয় ইউ এ ইত। কিছুদিন আগতে শেষ হোৱা আই পি এলৰ চতুৰ্দশ সংস্কৰণৰ পৰা ইউ এ ই কিমান লাভৱান হৈছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু এটা কথা ঠিক যে আই পি এলৰ পৰা ইউ এ ই আৰ্থিক দিশত প্ৰতিবাৰেই লাভান্বিত হৈ আহিছে।