আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় অসম প্ৰীমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ খেলসমূহ জিলা পৰ্যায়ৰ লগতে উপ মণ্ডল আৰু বিশ্ববিদ্যালয় পৰ্যায়ত অনুষ্ঠিত হ’ব। আজি প্ৰথম দিনটোত তিনিচুকীয়া, গুৱাহাটী আৰু কলিয়াবৰত তিনিখন প্ৰথম ৰাউণ্ডৰ মেচ অনুষ্ঠিত হয়।
তিনিচুকীয়াত ডুমডুমা ক্ৰিকেট ক্লাব আৰু তিনিচুকীয়া ক্ৰিকেট একাডেমীৰ মাজত অনুষ্ঠিত মেচখনত তিনিচুকীয়া ক্ৰিকেট একাডেমীয়ে ডুমডুমা ক্ৰিকেট ক্লাবক ৫ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। মেচখনত ডুমডুমাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৪০ অভাৰৰ মেচখনত ৩০.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ডুমডুমাই মাত্ৰ ৬৮ ৰান কৰিবলৈ সক্ষম হয়। প্ৰত্যুত্তৰত তিনিচুকীয়া ক্ৰিকেট একাডেমীয়ে ১৬ অভাৰত ৫ উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।
গুৱাহাটীত অনুষ্ঠিত মেচখনত শান্তিপুৰ একাডেমী আৰু এ এছ ই বি স্প’ৰ্টছ ক্লাবৰ মুখামুখি হয়। মেচখনত এ এছ ই বিক শান্তিপুৰে ১৬৭ ৰানৰ বৃহৎ ৰানৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। মেচখনত এ এছ ই বিয়ে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এ এছ ই বিৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেট ধৰিবলৈ আহি শান্তিপুৰ একাডেমীয়ে ৪ উইকেটৰ বিনিময়ত ২৯২ ৰানৰ এক বৃহৎ স্ক’ৰ থিয় কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ ইৰিক ৰয়ে ৮৪ টা বলত ১১১ ৰান আৰু বিপ্লৱ শইকীয়াই ৬৪ বলত ১০৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলিবলৈ সক্ষম হয়। এই বৃহৎ লক্ষ্য আগত লৈ খেলপথাৰত নমা এ এছ ই বিয়ে ২৪.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১২৫ ৰান হে কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে অত্যাধিক কুঁৱলীৰ বাবে মেচখন নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ আৰম্ভ হয়।
আনহাতে কলিয়াবৰত মৰ্নিং ষ্টাৰ আৰু আৰোহণ গোষ্ঠীৰ মাজত অনুষ্ঠিত হোৱা মেচখনত আৰোহণ গোষ্ঠীয়ে মৰ্নিং ষ্টাৰক ৩ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। মেচখনত মৰ্নিং ষ্টাৰে টছত জয়লাভ কৰি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেট ধৰি ক্লাবটোৱে ৩০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৮৮ ৰান কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত আৰোহণ গোষ্ঠীয়ে খেল পথাৰত নামি ২০.৩ অভাৰত ৭ উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।
You may also like
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহে দেখুৱালে ভাৰতৰ ক্ৰীড়াৰ সোণালী দিনৰ সপোন
আই পি এলত এৰাতিৰ ভিতৰতে কোটিপতি হ’ল টেম্প’চালকৰ পুত্ৰ
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনালে সৌৰভ গাংগুলীয়ে
বিজয় হাজাৰেৰ দ্বিতীয় মেচত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ অসমৰ
মণ্টিনেগ্ৰ’ এড্ৰিয়াটিক পাৰ্ল বক্সিং টুৰ্ণামেণ্টত ভাৰতীয় মহিলাৰ আধিপত্য : পাঁচটা স্বৰ্ণৰ সৈতে মুঠ ১০ টা পদকেৰে শীৰ্ষত ভাৰত