১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰত-পাকিস্তানৰ মাজৰ এখন টেষ্টত সৃষ্টি হৈছিল অন্যতম এক বৃহৎ বিতৰ্ক। এছিয়ান চেম্পিয়নশ্বিপৰ সেই উদ্বোধনী মেচখন অনুষ্ঠিত হৈছিল কলকাতাৰ ইডেন গাৰ্ডেনত। টেষ্টখনৰ প্ৰথম ইনিংছত পাকিস্তানৰ বেগী বলাৰ ছোৱেইব আখতাৰৰ বলত ‘ডাক’ হৈছিল। দ্বিতীয় ইনিংছতো শচীনক পেভিলিয়নমুখি কৰিছিল আখতাৰে। দ্বিতীয় ইনিংছত ৰাহুল দ্ৰাবিড়ৰ লগত ক্ৰিজট আছিল শচীন। সেই সময়তে শচীনে দুইৰান সংগ্ৰহ কৰাৰ উপৰিও তিনিৰান সংগ্ৰহৰ বাবে দৌৰি যাওঁতেই ছোৱেইব আখতাৰে ইচ্ছাকৃতভাৱে শচীনক আগভেটি ধৰে আৰু শচীনক থাৰ্ড আম্পায়াৰে আউট ঘোষণা কৰে।
ইয়াৰ লগে লগেই গোটেই ষ্টেডিয়ামৰ দৰ্শকে সমস্বৰে ‘ছোৱেইব আখতাৰ চিটাৰ’, ‘চিটি চিটি’ ধ্বনিৰে মুখৰিত হৈ পৰে। একাংশ দৰ্শকে পানী বটল আৰু হাততে পোৱা অন্যান্য সামগ্ৰী খেল পথাৰৰ মাজলৈ দলিয়াই পঠিয়াই। পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে শচীনে আৰক্ষীৰ লগত খেল পথাৰলৈ গৈ দৰ্শকক শান্ত হবলৈ অনুৰোধ জনাবলগীয়া হয়। অৱশ্যে শচীনৰ এই অনুৰোধ দৰ্শকে গ্ৰহণ নকৰিলে। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া এক পৰিস্থিতি সৃষ্টি হয়। ফলশ্ৰুতিত মহিলা, শিশু, সাংবাদিককে ধৰি অগণন লোক আঘাতপ্ৰাপ্ত হয়। ষ্টেডিয়ামৰ বাহিৰতো সৃষ্টি হয় উত্তেজনা। শচীনক অসৎ উপায়েৰে আউট কৰি অৱশ্যে নিজৰ উদ্দেশ্যত সফল হয় পাকিস্তান। পৰিশিষ্ট মেচখন খালী ষ্টেডিয়ামত খেলি পাকিস্তানে ভাৰতক পৰাজিত কৰিবলৈ সক্ষম হয়।
You may also like
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহে দেখুৱালে ভাৰতৰ ক্ৰীড়াৰ সোণালী দিনৰ সপোন
আই পি এলত এৰাতিৰ ভিতৰতে কোটিপতি হ’ল টেম্প’চালকৰ পুত্ৰ
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনালে সৌৰভ গাংগুলীয়ে
বিজয় হাজাৰেৰ দ্বিতীয় মেচত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ অসমৰ
মণ্টিনেগ্ৰ’ এড্ৰিয়াটিক পাৰ্ল বক্সিং টুৰ্ণামেণ্টত ভাৰতীয় মহিলাৰ আধিপত্য : পাঁচটা স্বৰ্ণৰ সৈতে মুঠ ১০ টা পদকেৰে শীৰ্ষত ভাৰত