ভাগ্য উদয় হ’বনে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰাজাকুদ্দিন আহমেদ আৰু ছাহিল জৈনৰ?ৰিয়ানৰ পিছত এইবাৰ আই পি এলত অসমৰ ৰাজাকুদ্দিন আৰু ছাহিলক দেখিবলৈ পোৱা যাবনে?এই প্ৰশ্নৰ উত্তৰ অসমৰ ক্ৰিকেট অনুৰাগীয়ে লাভ কৰিব আৰু কেইটামান মুহুৰ্তৰ পিছতে।
আজি বিয়লি ৩ বজাৰ পৰা চেন্নাইত অনুষ্ঠিত হ’ব আই পি এলৰ চতুৰ্দশ সংস্কৰণৰ বাবে মিনি নিলাম প্ৰক্ৰিয়া।এই মিনি নিলামৰ বাবে ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিছে ২৯২ জন ক্ৰিকেটাৰৰ নাম য’ত অন্তৰ্ভুক্ত হৈছে অসমৰ ৰাজাকুদ্দিন আহমেদ আৰু ছাহিল জৈনৰ নাম।আই পি এলে ঘোষণা কৰা ক্ৰিকেটাৰৰ প্ৰাৰম্ভিক মূল্যৰ তালিকাত অসমৰ এই দুয়োজন ক্ৰিকেটাৰৰ মূল্য ২০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।
আনহাতে ইতিমধ্যে এই নিলামত ফ্ৰেন্সাইজিসকলে কোন কোন নতুন ক্ৰিকেটাৰক দলত স্থান দিব বা কোন কোন নতুন ক্ৰিকেটাৰৰ স্থান লাভ কৰাৰ সম্ভাৱনীয়তা অধিক তাকলৈ চৰ্চা অব্যাহত আছে।কোন নতুন ক্ৰিকেটাৰৰ মূল্য কোটিৰ ঘৰলৈ বৃদ্ধি পাব তাকোলৈ চৰ্চা চলিছে।ধাৰণা কৰা হৈছে ২০ লাখ টকাৰ প্ৰাৰম্ভিক মূল্য নিৰ্ধাৰণ কৰা ভাৰতৰ আনকেপ্ড ক্ৰিকেটাৰ বিষ্ণু ছ’লংকি, কেডাৰ দেৱধৰ, অবি বৰোট, মহম্মদ আজাহাৰুদ্দিন, চেলদন জেকছন, জলজ চাক্সেনা, জয় বিষ্টৰ দৰে নৱাগত বেটছমেন আৰু বলাৰৰ মূল্য কোটিৰ ঘৰলৈ যোৱাৰ সম্ভাৱনা আছে।
এইসকলৰ মাজত শচীন পুত্ৰ অৰ্জুন তেণ্ডুলকাৰো আছে।অৰ্জুনক মুম্বাই ইণ্ডিয়ানছে কোটিৰ মূল্যত ক্ৰয় কৰিব বুলি ধাৰণা কৰিছে।ইতিমধ্যে অৰ্জুনে দলটোৰ হৈ নেট বলাৰ হিচাপে ভুমুকি মাৰিছে আৰু ঘৰুৱা টুৰ্ণামেণ্টৰ এখন মেচত ৩১ বলত ৭৭ ৰানৰ ইনিংছ খেলি নিজৰ প্ৰতিভাৰ উমান দাঙি ধৰিছে।
আই পি এলৰ ফ্ৰেন্সাইজিবোৰে ৰিলিজ কৰা ক্ৰিকেটাৰৰ তালিকাৰ পৰা নিশ্চিত হৈছে ৮টা ফ্ৰেন্সাইজিৰ হাতত মুঠ ৬১ জন ক্ৰিকেটাৰৰ শ্লট খালী আছে।জানিব পৰা মতে নিলামৰ আৰম্ভণি বেটছমেনৰ পৰা আৰম্ভ হ’ব। ইয়াৰ পিছত অলৰাউণ্ডাৰ, উইকেট কিপাৰ আৰু বলাৰৰ নিলাম হ’ব।
মুঠ ২৯২ জন ক্ৰিকেটাৰৰ ভিতৰত ১০ জন ক্ৰিকেটাৰৰ প্ৰাৰম্ভিক মূল্য ২ কোটি নিৰ্ধাৰণ কৰাৰ বিপৰীতে আন একাংশ কেপ্ট প্লেয়াৰৰ মূল্য ৫০ লাখ, ৭৫ লাখ, ১ কোটি আৰু ১.৫ কোটি নিৰ্ধাৰণ কৰিছে। একেদৰে আনকেপ্ট প্লেয়াৰৰ মূল্য সৰ্বনিম্ন ২০ লাখৰ পৰা আৰম্ভ হৈছে।
ৰিলিজ কৰা ক্ৰিকেটাৰ আৰু তেওঁলোকৰ পূৰ্বৰ মূল্যৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে পঞ্জাৱৰ হাতত প্লেয়াৰ ক্ৰয় কৰিবলৈ সৰ্বাধিক ৫৩ কোটি টকা আছে।
You may also like
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহে দেখুৱালে ভাৰতৰ ক্ৰীড়াৰ সোণালী দিনৰ সপোন
আই পি এলত এৰাতিৰ ভিতৰতে কোটিপতি হ’ল টেম্প’চালকৰ পুত্ৰ
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনালে সৌৰভ গাংগুলীয়ে
বিজয় হাজাৰেৰ দ্বিতীয় মেচত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ অসমৰ
মণ্টিনেগ্ৰ’ এড্ৰিয়াটিক পাৰ্ল বক্সিং টুৰ্ণামেণ্টত ভাৰতীয় মহিলাৰ আধিপত্য : পাঁচটা স্বৰ্ণৰ সৈতে মুঠ ১০ টা পদকেৰে শীৰ্ষত ভাৰত