আমগুৰি মিনি ষ্টেডিয়াম নিৰ্মাণত অনিয়ম : বিধায়ক প্ৰদীপ হাজৰিকাৰ সকীয়নি

অলিম্পিয়াৰ প্ৰতিবেদন

আমগুৰি মিনি ষ্টেডিয়াম নিৰ্মাণৰ নামত সংঘটিত হোৱা বৃহৎ কেলেংকাৰীৰ লগত জড়িতসকলক কঠোৰ সকীয়নি প্ৰদান কৰিছে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই। বিভিন্ন সংবাদ মাধ্যমত ষ্টেডিয়ামখনৰ নিৰ্মাণত অনিয়ম আৰু ফ্লাড লাইট সম্পৰ্কীয় কেলেংকাৰীৰ বাতৰি সবিস্তাৰে প্ৰকাশ পোৱাত সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ষ্টেডিয়াম ভ্ৰমণ কৰি অনিয়মৰ লগত জড়িত ব্যক্তিসকলক সকীয়নি প্ৰদান কৰিছে।

২০১৮-১৯ বৰ্ষতে মুখ্যমন্ত্ৰীৰ চিগনেচাৰ আঁচনিৰ অধীনত আমগুৰি সমষ্টিত ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ আঁচনি হাতত লোৱা হৈছিল। সেই অনুসৰি ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও কৰ’নাৰ বাবে এই নিৰ্মাণ কাৰ্যত স্থবিৰতা আহি পৰে। শেহতীয়াকৈ পুনৰ এই ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে যদিও সংঘটিত হৈছে বৃহৎ দুৰ্নীতি।

অভিযোগ অনুসৰি ষ্টেডিয়াম নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ কনিষ্ঠ অভিযন্তাৰ সহায়ত ফ্লাড লাইট নিৰ্মাণ নকৰাকৈয়ে ফ্লাড লাইটৰ কাম সম্পূৰ্ণহোৱাৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। যাৰ বাবে সমগ্ৰ আমগুৰি অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

মন কৰিবলগীয়া যে অতি লেহেমীয়া গতিৰে নিৰ্মাণকাৰ্য আগবঢ়া আমগুৰি মিনি ষ্টেডিয়ামৰ এই সমগ্ৰ অনিয়মৰ বিষয়ত প্ৰথম পৰ্যায়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজে বিধায়ক প্ৰদীপ হাজৰিকাক সমালোচনাৰ লক্ষ্য কৰি লৈছিল। ইয়াৰ পিছতে বিধায়ক হাজৰিকাই ষ্টেডিয়াম নিৰ্মাণস্থলীত উপস্থিত হৈ অনিয়মৰ লগত জড়িত সকলোকে কঠোৰ সকীয়নি প্ৰদান কৰিছে।

ফটো : Reporter Axom

Leave a Reply

Your email address will not be published. Required fields are marked *