ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্টত ভাৰতক পৰাজয়ৰ গৰাহৰ পৰা ৰক্ষা কৰা ৰবিচন্দ্ৰন আশ্বিনক লৈ তেওঁৰ পত্নী প্ৰিথী আশ্বিনে এক ভাবুক প’ষ্ট শ্বেয়াৰ কৰিছে। ১২৮ টা বল খেলি ৩৯ৰান কৰি মেচখন ড্ৰ কৰাত মুখ্য ভূমিকা লোৱা আশ্বিনৰ নিশা আৰু পুৱাৰ সময়ছোৱা আছিল অতি জটিল।
পিঠিৰ বিষত ভূগি থকা আশ্বিনে নিশা অতি কষ্টৰে সময় পাৰ কৰিবলগীয়া হৈছিল। আনকি পুৱা জোতা পিন্ধিবলৈ পৰা নাছিল আশ্বিনে। এই কথা প্ৰিথীয়ে ৰাজহুৱা কৰিছে।
তেওঁ লিখিছে, কালি নিশা তেওঁৰ পিঠিত বহুত বিষ আছিল। আজি পুৱা উঠাৰ সময়ত চিধা হৈ থিয় হ’ব পৰা নাছিল। তেওঁ নিজৰ জোতাৰ ফিটা বান্ধিবলৈ চাপৰিবও পৰা নাছিল। মই আচৰিত হৈছোঁ যে আশ্বিনে আজি এনেকুৱা কেনেকৈ কৰিলে।