জন্মঃ ২১.৭.১৯৯১ গুৱাহাটী
পিতৃ-মাতৃঃ এলবান আলী হাজৰিকা, দীপিকা আলী হাজৰিকা,
লিংগঃ পুৰুষ
খেলঃ সাতোঁৰ

অসমৰ একমাত্ৰ আন্তৰ্জাতিক পুৰুষ সাতোঁৰ এলভিছ আলী হাজৰিকাই পাঁচ বছৰ নহওতে শিৱসাগৰৰ জয়সাগৰ পুখুৰী সাতুৰি পাৰ হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাতোঁৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰাৰ লগতে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হোৱা এলভিছ আলী হাজৰিকাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।