কালিলৈ নলবাৰী জিলা ক্ৰিকেট সন্থাই এক বাছনি শিবিৰ অনুষ্ঠিত কৰিছে। আগন্তুক আৰ জি বৰুৱা সোঁৱৰণী ১৬ বছৰ অনূৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে জিলা ক্ৰিকেট দলটো গঠনৰ উদ্দেশ্যি এই বাছনি শিবিৰ অনুষ্ঠিত কৰা হৈছে। নলবাৰীৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালিলৈ এই বাছনি শিবিৰ অনুষ্ঠিত কৰা হ’ব। এই বাচনি শিবিৰত অংশগ্ৰহণ কৰিব বিচৰা ক্ৰিকেটাৰসকলে দিনৰ ১০ বজাৰ পূৰ্বে বয়সৰ প্ৰমাণপত্ৰলৈ খেলপথাৰত উপস্থিত হ’ব লাগিব।
Event News News