ক্ৰিকেটাৰ নোহোৱা হ’লে ছিৰিয়াত সন্ত্ৰাসবাদী হ’ল হেঁতেন মঈন আলী!

ইংলেণ্ডৰ ক্ৰিকেটাৰ ম‌ঈন আলী ক্ৰিকেটাৰ নোহোৱা হেঁতেন ছিৰিয়াত সন্ত্ৰাসবাদী হ’ল হেঁতেন। এই বিতৰ্কিত মন্তব্য আগবঢ়াইছে বাংলাদেশৰ পৰা বিতাৰিত বিতৰ্কিত লেখিকা তছলিমা নাছৰিনে।

আই পি এলৰ আৰম্ভণিৰ পূৰ্বে নিজৰ জাৰ্ছীৰ পৰা সুৰৰা ল’গ’ আঁতৰাই দিবলৈ চেন্নাই চুপাৰ কিংছক অনুৰোধ জনাইছিল ধৰ্মপৰায়ণ ক্ৰিকেটাৰ জনে। তেওঁৰ এই অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি দলীয় মেনেজমেণ্টে তেওঁৰ জাৰ্ছীৰ পৰা আঁতৰাই দিছিল সুৰাৰ ল’গ’। ইয়াৰ পিছতে তেওঁৰ এই ধৰ্মীয় আদৰ্শক সমালোচনাৰ লক্ষ্য কৰি লৈছে তছলিমাই। তেওঁ ম‌ঈন আলীৰ প্ৰসংগত কৈছে যে, ম‌ঈন আলী ক্ৰিকেটত নথকা হ’লে ছিৰিয়াতে আই ছি ছিত যোগদান কৰিলেহেঁতেন।

তছলিমাৰ এই মন্তব্যৰ পাছতে এতিয়া বিতৰ্কৰ সূচনা হৈছে। তছলিমাক উভতি ধৰিছছ ভিন্নজনে। ইংলেণ্ডৰ ক্ৰিকেটাৰ ম‌ঈনৰ কাষত থিয় দি তেওঁৰ সতীৰ্থ জোফ্ৰা আৰ্চাৰে তছলিমাক তেওঁৰ পষ্ট ডিলিট কৰিবলৈ দাবী জনাইছে। তেওঁ টুইটাৰত তছলিমাক প্ৰত্যাক্ৰমণ কৰিছে। ইয়াতে সীমাবদ্ধ নাথাকি জোফ্ৰাই তছলিমাক নিষিদ্ধ কৰিবলৈয়ো দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *