ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে সাত গৰাকী তৰুণ ক্ৰীড়াবিদলৈ বিশেষ সন্মান

৭২ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাবলৈ সক্ষম হোৱা ৩২ গৰাকী প্ৰতিভাৱান শিশুক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰে সন্মানিত কৰিছে। এই ৩২ গৰাকী শিশুৰ মাজৰ ৭ গৰাকী শিশুৱে ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে লাভ কৰিছে এই বিশেষ সন্মান।

খুশী চিৰাগ পাটেল : মাত্ৰ ৪ বছৰ বয়সৰ পৰাই স্কেটিং কৰিবলৈ আৰম্ভ কৰা এইগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে কলাত্মক স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক অনূৰ্ধ্ব ১৯ বছৰ শাখাত প্ৰতিনিধিত্ব কৰি প্ৰতিদ্বন্দিতা আগবঢ়াই চতুৰ্থস্থান অৰ্জন কৰিছিল। ইয়াৰ উপৰিও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বৰ্তমানলৈকে বহু সফলতা লাভ কৰা খুশীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰি কেইবাটাও পদক দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ১৭ সংখ্যক এছিয়ান ৰোলাৰ স্কেটিঙ চেম্পিয়নশ্বিপত ভাগলৈ তিনিটা পদক দখল কৰিছে। ৭২ সংখ্যক গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰীৰ পৰা “প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ” লাভ কৰা এইগৰাকী ক্ৰীড়া প্ৰতিভাধৰে ইতিমধ্যে চৰদাৰ পেটেল জুনিয়ৰ সন্মান আৰু জয়দীপ সিং জুনিয়ৰ সন্মান লাভ কৰিছে।

কাম্যা কাৰ্থিকেয়ান : মাত্ৰ চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়তেই কাম্যা কাৰ্থিকেয়ান আৰ্জেণ্টিনাৰ মাউণ্ট আকনকাগুৱা আৰোহণ কৰা সবাতোকৈ কনিষ্ঠ ছোৱালী। এইগৰাকী কিশোৰীয়ে বৰ্তমানলৈকে আফ্ৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ পৰ্বতৰ সবাতোকৈ উচ্চ শীষৰত আৰোহণ কৰিছে। ২০১৭ চনত তেওঁ মাউণ্ট মেণ্টক কাংগ্ৰী আৰোহণ কৰা সবাতোকৈ কনিষ্ঠ হিচাপে বিশ্ব ৰেকৰ্ড গঢ়ি তুলিছে। মুম্বাইৰ নেভী চিলড্ৰেন স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী কাম্যা কামাণ্ডাৰ এছ কাৰ্থিকেয়ানৰ কন্যা।

মন্ত্ৰ জিতেন্দ্ৰ : ৰাজকোটৰ এইগৰাকী ১৭ বৰ্ষীয় কিশোৰ ডাউন ছিনড্ৰমত আক্ৰান্ত। এইগৰাকী কিশোৰে ২০১৯ চনত আবু ধাবিত অনুষ্ঠিত হোৱা স্পেচিয়েল অলিম্পিকৰ সাঁতোৰত স্বৰ্ণ পদক জয় কৰিছিল। চাৰিবছৰ বয়সৰ পৰাই সাঁতোৰিবলৈ আৰম্ভ কৰা মন্ত্ৰ‌ই তেতিয়াৰ পৰা ৫০ মিটাৰ ফ্ৰী ষ্টাইল আৰু স্পেচিয়েল অলিম্পিকত ৫০ মিটাৰ বেকষ্ট্ৰোকত টপ পডিয়াম ফিনিছ দখল কৰিছিল।

আৰ্ছিয়া দাস : ত্ৰিপুৰাৰ এইগৰাকী ১০ বছৰীয়া কিশোৰীয়ে দবা খেলৰ জড়িয়তে চাঞ্চল্য সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ২০১৯ চনত তেওঁ উজবেকিস্তানত এছিয়ান স্কুল দবা চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি স্বৰ্ণ পদক জয় কৰিছিল। মাত্ৰ ৬ বছৰ বয়সৰ পৰাই দবা খেলিবলৈ আৰম্ভ কৰা আৰ্ছিয়াৰ ইচ্ছা নিজকে এগৰাকী গ্ৰেণ্ড মাষ্টাৰ হিচাপে গঢ়ি তোলা। ভাৰতীয় দবা খেলুৱৈ গ্ৰেণ্ড মাষ্টাৰ বিশ্বনাথন আনন্দ তেওঁৰ আদৰ্শ।

সবিতা কুমাৰী : ঝাৰখণ্ডৰ ১৭ বৰ্ষীয় কিশোৰী সবিতা এগৰাকী আৰ্চাৰী খেলুৱৈ। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰীত সবিতাই দেখুওৱা পাৰদৰ্শিতাৰ বাবে প্ৰধানমন্ত্ৰী এই বিশেষ সন্মান লাভ কৰিছে। এইগৰাকী প্ৰতিভাধৰে ২০১৮ চনত অনুষ্ঠিত হোৱা এছিয়ান আৰ্চাৰী প্ৰতিযোগিতাত চিনিয়ৰ শাখাত স্বৰ্ণ পদক দখল কৰিছিল। ২০১৪ চনত বীৰছা মুণ্ডা আৰ্চাৰী একাডেমীত এক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি আৰ্চাৰীৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল।

পলক শৰ্মা : মধ্যপ্ৰদেশৰ জীয়ৰী পলক শৰ্মাৰ প্ৰধান লক্ষ্য অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি দেশৰ বাবে স্বৰ্ণ পদক দখল কৰা। ৮ বছৰ বয়সৰ পৰা সাঁতোৰৰ প্ৰতি আকৰ্ষিত হৈ পৰা পলকে ২০১৯ চনৰ এছিয়ান এ’জ গ্ৰোপ ডাইভিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল। বৰ্তমানলৈকে তেওঁ নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ১২ টা স্বৰ্ণ আৰু চাৰিটা ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হৈছে।

মহম্মদ ৰফী : উত্তৰ প্ৰদেশৰ এইগৰাকী ১৭ বৰ্ষীয় জিমনাষ্টে ২০১৯ চনত মংগোলীয়াত অনুষ্ঠিত হোৱা জুনিয়ৰ এছিয়ান কাপত ভাৰতৰ বাবে ব্ৰঞ্জৰ পদ কঢ়িয়াই আনিছিল। বৰ্তমানলৈকে ৫ বাৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰা মহম্মদ ৰফীয়ে ২০১৯ চনৰ খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ অনূৰ্ধ্ব ১৭ বছৰ অল-ৰাউণ্ড কলাত্মক জিমনাষ্টিকছত তিনিটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *