গুৱাহাটী, ২৩ অক্টোবৰ: ক্ৰীড়াৰ উন্নয়ন তথা প্ৰতিভা চিনাক্তকৰণৰ বাবে গুৱাহাটীৰ বিদ্যালয়সমূহৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিবলৈ তৎপৰতা গ্ৰহণ কৰিছে গুৱাহাটী ক্ৰীড়া সংস্থাই ৷ আজি সংস্থাই ইয়াৰ অন্তৰ্গত বিদ্যালয়সমূহৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত এই বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সভাপতি পুলক গোস্বামীৰ সভাপতিত্বত আয়োজিত বৈঠকত মহানগৰীৰ ১৩খন বিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ বৈঠকে সিদ্ধান্ত লয় যে যিসমূহ বিদ্যালয়ৰ ক্ৰীড়া আন্তঃগাঁথনি আছে সেইসমূহ আন্তঃগাঁথনি সংস্থাৰ খেলসমূহৰ লগতে প্ৰশিক্ষণত ব্যৱহাৰ কৰা হ’ব যাতে বিদ্যালয়ৰ প্ৰতিভাসমূহ চিনাক্ত কৰিব পৰা যায় ৷ তাৰ লগতে যিসমূহ বিদ্যালয়ৰ আন্তঃগাঁথনি আছে কিন্তু প্ৰশিক্ষক নাই সেই সমূহক অৰ্হতাসম্পন্ন প্ৰশিক্ষক নিয়োগ কৰিব সংস্থাই । আনহাতে, সংস্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা আন্তঃ ক্লাব আৰু প্ৰতিষ্ঠান এথলেটিক মীটতো বিদ্যালয়সমূহে অংশ লোৱাৰ সিদ্ধান্ত লয় ৷ সভাত সংস্থাৰ উপ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী আৰু মনজিৎ ভাগৱতী, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতা, কোষাধ্যক্ষ ছায়াৰাম বড়ো, যুটীয়া সম্পাদক খনীন দত্ত, সহকাৰী সাধাৰণ সম্পাদক সিদ্ধাৰ্থ শংকৰ ডেকা, ভলীবল সম্পাদক অম্বা শইকীয়া পাটগিৰি, এথলেটিকছ সম্পাদক ৰাঘৱেন্দ্ৰ মজুমদাৰ, সহকাৰী হকী সম্পাদক ৰঞ্জিত সিং আৰু সহকাৰী এথলেটিকছ সম্পাদক মনজিত হাজৰিকা উপস্থিত থাকে ৷
ক্ৰীড়াৰ উন্নয়নত বিদ্যালয়ৰ অংশগ্ৰহণত গুৰুত্ব গুৱাহাটী ক্ৰীড়া সংস্থাৰ
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...