খেল’ ইণ্ডিয়া: চাইক্লিঙত উজলিল অসম

ফটোত বাওঁফালে ব্ৰঞ্জ বিজয়ী চয়নিকা গগৈ আৰু সোঁফালে স্বৰ্ণ জয়ী গংগোত্ৰী বৰদলৈ

গুৱাহাটীত অনুষ্ঠিত খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ আজি চতুৰ্থ দিনটোৰ পুৱাই অসমলৈ সু খবৰ কঢ়িয়াই আনিছে অসমৰ চাইক্লিষ্টে। আজি পুৱা সোণাপুৰৰ লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানত অনুষ্ঠিত চাইক্লিঙৰ ৬০ কি মি শাখাত অসমৰ দুগৰাকীকৈ কন্যা উজলি উঠে। নগাঁৱৰ ৰহাৰ জীয়ৰী গংগোত্ৰী বৰদলৈয়ে স্বৰ্ণ জয় কৰাৰ বিপৰীতে অসমৰে চয়নিকা গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে গংগোত্ৰীৰ ৰূপত অসমে দ্বিতীয়গৰাকী স্বৰ্ণজয়ী এথলিট লাভ কৰে। অসমে বৰ্তমানলৈ দুটা স্বৰ্ণ, এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জ পদকৰে পদক তালিকাৰ ত্ৰয়োদশ স্থানত উপবিষ্ট হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *