গাংগুলীৰ ৰেকৰ্ড ভংগ কৰি বিৰাটে স্পৰ্শ কৰিলে ধোনিৰ ৰেকৰ্ড

বিৰাটে স্পৰ্শ কৰিলে পূৰ্বৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ ৰেকৰ্ড। ইংলেণ্ডৰ বিপক্ষে ঘৰৰ মাটিত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টত ৩১৭ৰানৰ বৃহৎ বিজয় সাব্যস্ত কৰি শৃংখলাত ১-১ ত ক্ষমতা স্থাপন কৰিবলৈ সক্ষম হৈছে। ৰানৰ হিচাপত চাবলৈ গ’লে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ আছিল এয়া আটাইতকৈ বৃহৎ বিজয়। আনহাতে অধিনায়ক বিৰাট কোহলিৰ নেতৃত্বত সামগ্ৰীকভাৱে ভাৰতৰ এয়া আছিল ৩৪ সংখ্যক বিজয়ী টেষ্ট মেচ; ঘৰৰ মাটিত আকৌ ২১ সংখ্যক বিজয়ী টেষ্ট মেচ।

ঘৰৰ মাটিত ২১খন টেষ্টত জয়লাভ কৰাৰ পিছতেই এতিয়া বিৰাটে মহেন্দ্ৰ সিং ধোনিক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। ধোনিয়ে ভাৰতৰ মাটিত ৩০খন টেষ্টত অধিনায়কত্ব কৰি ২১ খনত জয়লাভ কৰাৰ লগতে ৩ খনত পৰাস্ত আৰু ৬ খন ড্ৰ’ কৰিবলৈ সক্ষম হৈছিল। বিপৰীতে বিৰাট কোহলিয়ে বৰ্তমানলৈকে ঘৰুৱা মাটিত ২৮খন টেষ্টত ভাৰতক নেতৃত্ব প্ৰদান কৰিছে। ইয়াৰে ২৮ খনত ভাৰতে জয়লাভ কৰাৰ লগতে দুখনত পৰাস্ত আৰু ৫ খন ড্ৰ’ খেলিছে। ইয়াৰ লগে লগে দেশৰ মাটিত সৰ্বাধিক টেষ্ট জয় কৰা অধিনায়কৰ প্ৰথম স্থানত ধোনিৰ লগত একেটা স্থান অধিকাৰ কৰিছে বিৰাট কোহলিয়ে।

উল্লেখ্য যে ইতিমধ্যে বিৰাটে টেষ্ট ক্ৰিকেট বিদেশৰ মাটিত অধিক সফলতা লাভ কৰা ভাৰতীয় অধিনায়কৰ তালিকাৰ শীৰ্ষ স্থান অধিকাৰ কৰিছে। এই ক্ষেত্ৰত তেওঁ সৌৰভ গাংগুলীৰ ৰেকৰ্ড ভংগ কৰিছে। গাংগুলীয়ে নিজৰ কেৰিয়াৰত বিদেশী ৰাষ্ট্ৰত ২৮ খন টেষ্টত ভাৰতক নেতৃত্ব প্ৰদান কৰি ১১খনত জয় লাভ কৰাৰ লগতে ১০ খনত পৰাস্ত আৰু ৭ খনত ড্ৰ’খেলিছিল। ইয়াৰ বিপৰীতে বিৰাটে বৰ্তমানলৈকে ৩০ খন টেষ্টত বিদেশী মাটিত ভাৰতক নেতৃত্ব দি ১৩খনত জয়লাভ কৰাল লগতে ১২খনত পৰাস্ত আৰু ৫ খন টেষ্ট ড্ৰ’ কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *