গুৱাহাটী ক্ৰীড়া সন্থাৰ মহিলা ফুটবল বাছনি শিবিৰ

অলিম্পিয়া প্রতিবেদন

আগন্তুক ছিনিয়ৰ আন্তঃজিলা মহিলা ফুটবল প্ৰতিযোগিতাৰ বাবে গুৱাহাটী দল গঠনৰ বাবে গুৱাহাটী ক্ৰীড়া সংস্থাই অহা ২৭ আৰু ২৮ অক্টোবৰত এক বাছনি শিবিৰৰ আয়োজন কৰিছে ৷ লখৰাৰ উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগা এই শিবিৰত যোগ দিবলৈ আগ্ৰহী খেলুৱৈসকলে ২৭ অক্টোবৰৰ পুৱা ৮ বজাত খেলপথাৰত ৰিপ’ৰ্ট কৰিব লাগিব । অধিক তথ্যৰ বাবে খেলুৱৈসকলক সংস্থাৰ ফুটবল সম্পাদক এল প্ৰণৱ সিং ( ৮৮৭৬২০৯৩৬৭)আৰু প্ৰশিক্ষক বিতু দাস (৬৯০১৭৪৪২৪৩)ৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *