জম্মু-কাশ্মীৰ দলৰ প্ৰশিক্ষকৰ দায়িত্ব লাভ অসমৰ প্ৰাক্তন ৰঞ্জি খেলুৱৈ নিশান্ত বৰদলৈৰ

অলিম্পিয়া প্ৰতিবেদন

জম্মু কাশ্মীৰ ৰঞ্জি দলৰ ফিল্ডিং তথা ষ্ট্ৰেংথ এণ্ড কণ্ডিছনিং প্ৰশিক্ষকৰ দায়িত্ব লাভ অসমৰ প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ নিশান্ত বৰদলৈৰ। দেশৰ এগৰাকী আগশাৰীৰ ফিটনেছ প্ৰশিক্ষক নিশান্ত বৰদলৈ ইতিপূৰ্বে আই পি এল দল কিংছ ইলেভেন পঞ্জাৱৰো প্ৰশিক্ষণ কাৰ্যত নিয়োজিত আছিল। অসম ৰঞ্জি দলৰ প্ৰাক্তন খেলুৱৈগৰাকীয়ে অনুৰ্দ্ধ ১৯ ভাৰতীয় দলতো স্থান লাভ কৰিছিল। ইংলেণ্ডৰ কাউন্টি ক্ৰিকেটতো অংশ লোৱাৰ অভিজ্ঞতাপুষ্ট বৰদলৈ। প্ৰশিক্ষকগৰাকীলৈ অলিম্পিয়াৰ তৰফৰ পৰা জনালোঁ আন্তৰিক অভিনন্দন

Leave a Reply

Your email address will not be published. Required fields are marked *