জীৱন-যুঁজত হাৰ নমনা বক্সাৰগৰাকীৰ পৰৱৰ্তী লক্ষ্য অলিম্পিক অদমনীয় ফাইলাওৰ সৈতে এখন্তেক

সাক্ষাৎগ্ৰহণ ঃ অলিম্পিয়াৰ প্ৰতিবেদক

ভাৰতৰ সম্ভ্ৰান্ত সংবাদ গোষ্ঠী এন ডি টিভিৰ এটা অনুষ্ঠান। ‘ৱ’মেন অৱ ৱৰ্থ’ শীৰ্ষক সেই অনুষ্ঠানটোত ক্ৰীড়া শিতানৰ বাবেও আগবঢ়োৱা হৈছিল সন্মান। মঞ্চত সুনীল গাভাস্কাৰৰ দৰে বৰেণ্য ক্ৰিকেটাৰ উপস্থিত আছিল পুৰস্কাৰ বিতৰণৰ বাবে। ২০১৬ চনৰ সেই অনুষ্ঠানটিত ‘ৱ’মেন অৱ ৱৰ্থ’ বঁটাৰ মূল সাৰমৰ্ম আছিল জীৱন যুঁজত হাৰ নমনা ক্ৰীড়াবিদসকলৰ মাজৰ পৰা শ্ৰেষ্ঠজনক নিৰ্বাচিত কৰা। এই বঁটাৰ বাবে মনোনীত ক্ৰীড়াবিদসকল আছিল পেৰা অলিম্পিয়ান দীপা মল্লিক, চাইক্লিষ্ট ডেবৰা হেৰল্ড, ফুটবলাৰ ঐনাম বেমবেম দেৱী, বক্সাৰ ফাইলাও বসুমতাৰী। শ্ৰেষ্ঠজনক নিৰ্বাচিত কৰাৰ এই প্ৰক্ৰিয়াত অসীম কষ্ট স্বীকাৰ কৰি ক্ৰীড়াক্ষেত্ৰত অদমনীয় প্ৰতিভাৰে উজলি উঠাৰ বাবে নিৰ্বাচিত কৰা হয় অসমৰ ফাইলাও বসুমতাৰীক। ফাইলাও ইতিমধ্যে ভাৰতৰ বক্সিং জগতত স্বপ্ৰতিভাৰে উজলি উঠিছেই। এনে এক সময়তে এই সন্মান প্ৰাপ্তিয়ে ফাইলাও নামৰ যুঁজাৰু সত্তাটোকে সমগ্ৰ ভাৰতবাসীৰ আগত তুলি ধৰিলে। বৰ্তমান ফাইলাও ভাৰতৰ বক্সিং ক্ষেত্ৰৰ এটা চিনাকি নাম। ইতিমধ্যে ফাইলাওৱে য়ুথ ৱৰ্ল্ড ৱ’মেন্‌ছ বক্সিং চেম্পিয়নশ্বিপৰ পৰা আৰম্ভ কৰি এছিয়ান ৱ’মেন্‌ছ বক্সিং চেম্পিয়নশ্বিপ, ইণ্ডিয়া অ’পেন ইণ্টাৰনেচনেল বক্সিং টুৰ্নামেণ্ট আদি সম্ভ্ৰান্ত বক্সিং টুৰ্নামেণ্টসমূহত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়া অ’পেন ইণ্টাৰনেচনেল বক্সিং চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক দখল কৰে ফাইলাওৱে। জীৱনৰ বহু ঘাত-প্ৰতিঘাত পাৰ কৰি আহি সফলতাৰ নিত্য নতুন বাটত ভৰি দিয়া ফাইলাওৰ জীৱনৰ কিছু দিশৰ বিষয়ে জানিবলৈ আমি তেওঁৰ সৈতে কথা পাতিছিলো। সেই কথোপকথনৰেই এক সম্পাদিত ৰূপ আপোনালোকলৈ আগবঢ়ালো—

প্ৰঃ আপোনাৰ খেলুৱৈ জীৱনৰ আৰম্ভণি কালছোৱাৰ কিছু কথা জনাব নেকি· আপুনি কেনেকৈ বক্সিঙৰ ক্ষেত্ৰখনলৈ আহিল·

উ ঃ মই জন্মগ্ৰহণ কৰা গাঁওখন আছিল অতি পিছপৰা এখন গাঁও। আমাৰ গাঁওখনত খেলৰ কোনো পৰিৱেশ নাছিল। কিন্তু মই পঢ়া স্কুলখনৰ মোৰ সহপাঠী দুজনমান আছিল। সিহঁতৰ খেলৰ প্ৰতি বিশেষ ধাউতি আছিল। সিহঁতে বিভিন্ন ধৰণৰ খেল স্কুলত খেলিছিল। আন আন খেলৰ লগতে বক্সিঙো খেলা হৈছিল সেই সময়ত। লগৰবোৰক খেলা দেখিয়ে ময়ো খেলিবলৈ লওঁ। আমি বক্সিঙৰ প্ৰাথমিক জ্ঞান লাভ কৰিছিলো গুণশংকৰ ৱাৰি ছাৰৰ পৰা। তেখেত কেৱল বক্সিঙেই নহয় সকলো খেলৰে এজন পাৰ্গত প্ৰশিক্ষক। তেওঁ আমাৰ অঞ্চলৰ পৰা কেইবাগৰাকীও প্ৰতিভাৱান বক্সাৰক চিনি উলিয়াই প্ৰাথমিক  প্ৰশিক্ষণ দি কোকৰাঝাৰ ছাইত অন্তৰ্ভুক্ত কৰাইছিল। এনেদৰেই এদিন মোকো ৱাৰি ছাৰেই কোকৰাঝাৰৰ ছাইত অনুষ্ঠিত হোৱা ট্ৰায়েল খেলত অংশগ্ৰহণৰ বাবে লৈ যায়। ট্ৰায়েলত নিৰ্বাচক হিচাপে আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক গীতা চানু। মোৰ লগতে মোৰ বহুকেইগৰাকী সহপাঠীও সেই ট্ৰায়েলত নিৰ্বাচিত হয়। অৱশ্যে প্ৰশিক্ষণ গ্ৰহণৰ সময়ত সন্মুখীন হোৱা কষ্ট আৰু পৰিশ্ৰমৰ সমুখত তিষ্ঠিব নোৱাৰি লগৰ বহুকেইগৰাকী ঘৰলৈ ঘূৰি যাবলৈ বাধ্য হয়। কিন্তু মই সকলো কষ্ট স্বীকাৰ কৰিও বক্সিং শিকাৰ বাবে মনটো স্থিৰ কৰি ল’লো। সেই বছৰতে অনুষ্ঠিত হোৱা আন্তঃছাই বক্সিং টুৰ্নামেণ্টত মই ভাগ লৈ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হওঁ। এনেদৰেই মোৰ বক্সিং কেৰিয়াৰৰ আৰম্ভণি ঘটিল।

প্ৰঃ খেলুৱৈ জীৱনত আগবাঢ়ি যোৱাৰ বাটত কাৰ পৰা অনুপ্ৰেৰণা লাভ কৰি আহিছে·

উঃ খেলিবলৈ যোৱাৰ পিছত যেতিয়া গাঁৱলৈ আহো তেতিয়া গাঁৱৰ কোনো কোনো লোকে মাহঁতক কৈছিল— ‘ছোৱালীয়ে খেলি-ধূলি কি কৰিব·’ কিছুমানৰ মই পিন্ধা Îট্ৰক, লংপেণ্টক লৈও আপত্তি আছিল। এনে সময়ত আমাৰ ঘৰখনে সদায় মোৰ কাষত থিয় দিছিল। দেউতা, বাইদেউ আৰু বিশেষকৈ মায়ে মোক সদায় আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাই আহিছে।

প্ৰঃ আপোনাৰ আদৰ্শ খেলুৱৈ কোন· কাক আপুনি সৰুৰে পৰা অনুসৰণ কৰিছিল·

উঃ মাইক টাইছনৰ খেল মোৰ ভাল লাগে। টাইছনৰ আকৰ্ষণীয় ক্ৰীড়াশৈলী, আক্ৰমণাত্মক খেলাৰ ধৰণে মোক আকৰ্ষিত কৰি আহিছে। আজিও সময় পালেই টাইছনৰ খেল উপভোগ কৰো।

প্ৰঃ চিৰাঙত সংঘটিত গোষ্ঠীসংঘৰ্ষত আপোনাৰ পৰিয়াল গৃহহাৰাও হ’ব লগা হৈছিল। সেই সময়ৰ কিবা স্মৃতি আপোনাৰ মনত আছে নেকি·

উঃ সেই সময়ত মই দুলীয়াজানত হোৱা আন্তঃজিলা প্ৰতিযোগিতাত অংশ ল’বলৈ গৈছিলো। তেনেতে খবৰ পাইছিলো সংঘৰ্ষৰ কথা। এই সংঘৰ্ষত আমাৰ গাঁওখন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। ঘৰ-বাৰী এৰি গাঁৱৰ মানুহে আশ্ৰয় শিবিৰত আশ্ৰয় ল’ব লগা হৈছিল। মোৰ ওচৰ-চুবুৰীয়া বহুকেইজনৰ প্ৰাণহানিও হ’ল এই সংঘৰ্ষত। আমি সেইদিনাই দুলীয়াজানৰ পৰা ঘৰলৈ যোৱাৰ কথা আছিল যদিও ঘৰৰ সৈতে যোগাযোগ কৰাত মায়ে ঘৰলৈ আহিবলৈ মানা কৰিছিল। আমাৰ Îট্ৰইনখন বঙাইগাঁৱত আহি আবদ্ধ হৈছিলহি। পৰিস্থিতি সেই সময়ত বহুত বেয়া আছিল। আৰক্ষী দল এটাই আহি আমাক নিৰাপদ স্থানলৈ লৈ গৈছিলহি। আমাৰ লগত সেই সময়ত গীতা চানু আৰু তেওঁৰ পৰিয়ালো আছিল। ৰাতিটো ভোকে-পিয়াহে আমি সেই আশ্ৰয় শিবিৰতে কটাবগীয়া হৈছিল।

প্ৰঃ বক্সিঙত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বক্সিং ফেডাৰেচনৰ পৰা কেনেধৰণৰ সহায় লাভ কৰি আহিছে·

উঃ বক্সিং ফেডাৰেচনে সকলো ফালৰ পৰাই সহায় কৰি আহিছে। আগতে এইক্ষেত্ৰত অসমত কিছু সমস্যা আছিল। Îট্ৰইনৰ দ্বিতীয় শ্ৰেণীত যাত্ৰা কৰাৰ পৰা আৰম্ভ কৰি বহু কিছুু সুবিধা সেই সময়ত নাছিল। এতিয়া হয়তো পৰিস্থিতিৰ কিছু সালসলনি ঘটিছে।

প্ৰঃ আপুনি বহুদিন ধৰি প্ৰশিক্ষণৰ বাবে দিল্লীত আছে। তাত থাকি প্ৰশিক্ষণৰ ক্ষেত্ৰত কেনেধৰণৰ সুবিধা লাভ কৰিছে·

উঃ  ইয়াত উত্তৰ-পূবৰ খেলুৱৈসকলক বহু সময়ত উপেক্ষা কৰা হয়। অৱশ্যে আজিকালি পৰিস্থিতি সলনি হৈছে। উত্তৰ-পূবৰ খেলুৱৈয়ে নাম কৰি আছে। সেয়ে সকলোৱে গুৰুত্ব দিবলৈ বাধ্য।

প্ৰঃ আপোনাৰ বক্সিং কেৰিয়াৰৰ আটাইতকৈ স্মৰণীয় মুহূৰ্ত কোনটো·

উঃ স্মৰণীয় বুলি ক’লে বহুকেইটা মুহূৰ্ত আছে। তাৰে ভিতৰত ২০১১ চনত তুৰ্কীত অনুষ্ঠিত য়ুথ ৱৰ্ল্ড ৱ’মেন বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিকা মুহূৰ্তটোৰ কথা মোৰ আজিও মনত পৰে।

প্ৰঃ ভৱিষ্যতৰ সপোন কি আপোনাৰ· অলিম্পিকৰ  বাবে কেনেধৰণৰ পৰিকল্পনা আছে আপোনাৰ·

উঃ সপোন বুলিলে অলিম্পিকৰ কথাই আহে মনলৈ। মেৰী কমে যদি পাৰে, তেন্তে মই কিয় নোৱাৰিম· অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ হ’লে অক্টোবৰত হ’বলগীয়া বিশ্ব চেম্পিয়নশ্বিপত ভাল ফলাফল দেখুৱাব পাৰিব লাগিব। তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি যাম।

প্ৰঃ ধন্যবাদ ফাইলাও, আপোনাৰ ব্যস্ততাভৰা সময়সূচীৰ পৰা কিছু সময় আমাক দিয়াৰ বাবে। আশা কৰিম আপোনাৰ সকলো সপোন পূৰ্ণ হওক। ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *