জয়ন্ত তালুকদাৰ

জন্মঃ

পিতৃ-মাতৃঃ ৰঞ্জন কুমাৰ তালুকদাৰ, সত্যৱতী।

লিংগঃ পুৰুষ

খেলঃ আৰ্চাৰী

“Is a star born? Wathch out on this Indian Talent in coming days”— ক্ৰ’ৱেচিয়া বিশ্বকাপ আৰ্চাৰীৰ  নিজা ৱেবচাইটত  এইদৰে কোৱা খেলুৱৈগৰাকী বাৰু কোন·

ভাৰতীয় আৰ্চাৰীৰ এটা পৰিচিত নাম জয়ন্ত তালুকদাৰ। বিশ্ব ক্ৰীড়াংগনত জিলিকি উঠা জয়ন্ত বৰ্তমান অসমৰে ন’হয় সমগ্ৰ ভাৰতৰৰ গৌৰৱ। বিশ্বকাপ আৰ্চাৰী ব্যক্তিগতভাৱে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰথমজন অসমীয়াই নহয় প্ৰথমজন ভাৰতীয় আৰ্চাৰো জয়ন্ত তালুকদাৰ। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যক্তিগত আৰু দলগতভাৱে বহুকেইটা অভিলেখ সৃষ্টিৰ লগতে ভালেমান পদক লাভ কৰি দেশৰ ক্ৰীড়া ক্ষেত্ৰলৈ কঢ়িয়াই অনা খ্যাতিৰ বাবেই ভাৰত চৰকাৰে জয়ন্তলৈ আগবঢ়ালে ক্ৰীড়া ক্ষেত্ৰত সবোচ্ৰ্চ সন্মান অৰ্জুন বঁটা আগবঢ়ায়।