টকিঅ’ অলিম্পিকত নাথাকিব ভাৰতীয় জিমনাষ্ট

টকিঅ’ অলিম্পিকত দেখিবলৈ পোৱা নাযাব ভাৰতীয় জিমনাষ্টক। প্ৰতিযোগিতাখনৰ বাবে প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিবলৈ সুযোগ লাভ নকৰিলে ভাৰতীয় জিমনাষ্টে। জিমনাষ্টিকছৰ বিশ্বকাপৰ এটা ছিৰিজ বাতিল হোৱাৰ বাবে ভাৰতৰ মহিলা জিমনাষ্ট দীপা কৰ্মকাৰসহ অন্যান্য ভাৰতীয় জিমনাষ্টসকলৰ চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকত অংশগ্ৰহণ আশা নিৰ্বাপিত হৈছে।

কৰ’না মহামাৰীৰ বাবে দুখনকৈ বিশ্বকাপ বাতিল হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় জিমনাষ্টিকছ ফেডাৰচনে মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া আন এখন বিশ্বকাপ স্থগিত কৰিছে। বাতিল হোৱা এই বিশ্বকাপৰ কোটবাছ বিশ্বকাপ চলিত মাহত আৰু বাকু বিশ্বকাপ মাৰ্চ মাহত অনুষ্ঠিত হোৱাৰ কথা।

দুখনকৈ বিশ্বকাপ বাতিল হোৱা আৰু টকিঅ’ অলিম্পিকত ভাৰতৰ জিমনাষ্টৰ অংশগ্ৰহণ প্ৰসংগত সংবাদ মাধ্যমৰ আগত দীপা কৰ্মকাৰৰ প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দীয়ে কয় যে, ভাৰতীয় জিমনাষ্টসকল সাজু আছিল যদিও অলিম্পিক যোগ্যতা অৰ্জন প্ৰণালীত যথেষ্ট সালসলনি ঘটিছে। বৰ্তমান যোগ্যতা অৰ্জনৰ বাবে কোনো আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট নাই।অলিম্পিকত যোগ্যতা প‌ইণ্ট অৰ্জনৰ বাবে তিনিখন অলিম্পিক যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো জৰুৰী। সন্মুখত তেনে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা নথকাৰ বাবে এতিয়া ভাৰতীয় জিমনাষ্টে অলিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰাটো প্ৰায় নিশ্চিত হৈছে। ইফালে ৰিঅ’ অলিম্পিকত ইতিহাস সৃষ্টি কৰা ভাৰতৰ দীপা কৰ্মকাৰৰো অলিম্পিকত অংশগ্ৰহণৰ বাবে প্ৰয়োজনীয় প‌ইণ্টৰ আধা সংখ্যক হে অৰ্জন হৈছে। অলিম্পিকত অংশগ্ৰহণৰ বাবে এজন জিমনাষ্টক ৯০ প‌ইণ্টৰ প্ৰয়োজন হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *