টি-টুৱেন্টি বিশ্বকাপৰ ছুপাৰ ১২ৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শ’লঠেকত দক্ষিণ আফ্ৰিকা

অলিম্পিয়া প্ৰতিবেদন

ইউ এ ইত আজিৰে পৰা বিশ্ব ক্ৰিকেটৰ মহাযুদ্ধ। টি-টুৱেন্টি বিশ্বকাপৰ ছুপাৰ-১২ ৰ প্ৰথমখন মেচত আজি অষ্ট্ৰেলিয়াৰে মুখামুখি হৈছে দক্ষিণ আফ্ৰিকা। আবুঢাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। দক্ষিণ আফ্ৰিকাই এই বাতৰি লিখাৰ পৰলৈকে ১৫.৩ অভাৰত ৭ টা উইকেট হেৰুৱাই ৮৫ ৰান সংগ্ৰহ কৰিছে। দলটোৰ আৰম্ভণি সুখৰ নাছিল। দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ দ্বিতীয়টো অভাৰতে দলটোৰ অধিনায়ক টেম্বা বাভূমাৰ উইকেট হেৰুৱাই শ’লঠেকত পৰে দলটো। ইয়াৰ পিছতেই ইনিংছৰ তৃতীয় অভাৰত ৰাছি ভেন ডেৰ ডুচেনৰ উইকেট হেৰুৱায় দলটোৱে। ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ ধাৰাবাহিকভাৱে উইকেট হেৰুৱায় দক্ষিণ আফ্ৰিকাই। অষ্ট্ৰেলিয়াৰ জেছন হেজেলউড আৰু আদম জেম্পাই দুটাকৈ উইকেটৰ পতন ঘটায়।

Leave a Reply

Your email address will not be published. Required fields are marked *