ডাঃ টালিমেৰণ আওৰ জন্মজয়ন্তী উদযাপনৰ প্ৰস্তুতি

অবিভক্ত অসমৰ প্ৰথমজন অলিম্পিয়ান ডাঃ টালিমেৰণ আও। এইগৰাকী মহান ফুটবলাৰৰ নেতৃত্বতে ১৯৪৮ চনত ভাৰতীয় ফুটবল দলে লণ্ডন অলিম্পিকত পোন প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল। বিশ্ব ফুটবলৰ অন্যতম বৃহৎ শক্তি ফ্ৰান্সৰ হাতত ২-১ পৰাস্ত হৈ ভাৰতীয় দলটো প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছিল যদিও নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিপক্ষৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ডাঃ টালিমেৰন আওয়ে। খালী ভৰিৰেই শক্তিশালী ফ্ৰান্সৰ বিৰুদ্ধে খেলি হতবাক কৰি তুলিছিল ফৰাচী বাহিনীক।

এইগৰাকী মহান ফুটবলাৰৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ আগবাঢ়িছে Dr. T. Ao. Birth Centenary Celebration Committee য়ে। অহা ২৮ জানুৱাৰীত ডাঃ টি. আও.ৰ ১০৩ সংখ্যক জন্মবাৰ্ষিকী। সেই উদ্দেশ্যে Dr. T. Ao. Birth Centenary Celebration Committee য়ে গুৱাহাটীৰ পল্টনবজাৰস্থিত ক্ৰীড়া প্ৰাধিকৰণৰ কেন্দ্ৰত দিনৰ ২ বজাৰ পৰা বিভিন্ন কাৰ্যসূচী হাতত লৈছে।

কাৰ্যসূচী অনুসৰি দিনৰ ২ বজাৰ পৰা ক্ৰমে ডাঃ টি. আও.লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন, উত্তৰ পূৰ্বাঞ্চলত ফুটবলৰ বিকাশ আৰু প্ৰসাৰৰ বিষয়ত চেমিনাৰ আৰু সন্ধিয়া ৫:৩০ বজাৰ পৰা প্ৰীতি ফুটবল মেচ।

Leave a Reply

Your email address will not be published. Required fields are marked *