দুৰ্ঘটনাক্ৰমেহে ক্ৰিকেটাৰ হৈছিল আশ্বিন

ক্ৰিকেট ভাল পাইছিল যদিও accidentally হে এগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈ পৰিছিল ৰবিচন্দ্ৰন আশ্বিন। ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্টত ৪০০ উইকেটৰ ক্লাবত নিজকে অন্তৰ্ভুক্ত কৰি আশ্বিনে গঢ়ি তুলিলে এক ইতিহাস। বিশ্বৰ মহান স্পীনাৰৰ সকলৰ লগত এতিয়া একেলগে উচ্চাৰণ হৈছে আশ্বিনৰ নাম। কিন্তু এইগৰাকী আশ্বিনে নিজকে ক্ৰিকেটাৰ হিচাপে কেতিয়াও গঢ়ি তোলাৰ কথা চিন্তা কৰা নাছিল। Accidentally হে তেওঁ হৈ পৰিছিল ক্ৰিকেটাৰ।

বি চি চি আই টিভিৰ এক সাক্ষাৎকাৰত আশ্বিনে এই বিষয়ে মন্তব্য কৰিছে। তেওঁ কৈছে, ‘মই ক্ৰিকেটক পচন্দ কৰিছিলোঁ, কিন্তু কেতিয়াও ভবা নাছিলোঁ যে মই ক্ৰিকেটাৰেই হৈ পৰিম আৰু দেশৰ বাবে খেলিব পাৰিম। এতিয়া মই নিজৰ সপোন পূৰণ কৰি আছোঁ। কৰ’নাৰ ফলত হোৱা লকডাউনত মোৰ অনুভৱ হ’ল যে মই কিমান ভাগ্যৱান যে মই টিম ইণ্ডিয়াৰ হৈ খেলাৰ সুযোগ লাভ কৰিছোঁ। প্ৰতিখশ মেচত দলৰ জয় আৰু মোৰ অৱদানৰ বিষয়ে ভাবিছিলোঁ আৰু মানি লৈছিলো এই সকলো ঈশ্বৰৰ দান। লকডাউনৰ সময়ছোৱাত উপলব্ধি হৈছিল দেশৰ বাবে খেলা কিমান ডাঙৰ কথা। ‘

ইয়াৰ উপৰিও তেওঁ কয় যে আই পি এললৈ প্ৰত্যাবৰ্তন কৰাৰ পিছত ভবা নাছিল যে তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সুযোগ লাভ কৰিব। সেয়ে তেওঁ ভাবে যে এই সকলোবোৰ কৃতিত্ব উপহাৰ হিচাপে লাভ কৰিছে। যি খেল খেলিবলৈ তেওঁ ভাল পাইছিল সেই খেলেই তেওঁক বহু কিবাকিবি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *