নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনালে সৌৰভ গাংগুলীয়ে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰিছে। বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম মটেৰাক নিৰ্মাণ কৰাৰ বাবে তেওঁ বি জে পি চৰকাৰক ধন্যবাদ জনাইছে। টুইটাৰত সৌৰভ গাংগুলীয়ে এক টুইটৰ জৰিয়তে নিজৰ মন্তব্য প্ৰকাশ কৰিছে।

তেওঁ লিখিছে, গুলপীয়া বল টেষ্টমেচত খেলোৱাটো ভাৰতৰ সপোন আছিল। ইয়াৰ পূৰ্বে ইডেন গাৰ্ডেনত প্ৰথমবাৰৰ বাবে গুলপীয়া বল ব্যৱহাৰ কৰা হৈছিল। আনহাতে তেওঁ আজিৰ টেষ্টখনত উপস্থিত থআকিব নোৱাৰাৰ বাবে দুখপ্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *