পুনৰ ক্ৰীড়া ক্ষেত্ৰলৈ কৰ’নাই কঢ়িয়াই আনিছে্ জটিলতা। বহু কেইখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত কৰ’নাৰ সংক্ৰমণে খেলুৱৈক বিপদত পেলাইছে। এইবাৰ অনিৰ্দিষ্ট কালৰ বাবে স্থগিত কৰা হ’ল ইউ এ ই আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা এদিনীয়া ক্ৰিকেট শৃংখলা। দল দুটাৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ তৃতীয়খন মেচ আজি খেলাৰ কথা আছিল। কিন্তু কৰ’নাৰ সংক্ৰমণৰ বাবেই এতিয়া শৃংখলাটো স্থগিত কৰিবলগীয়া হ’ল।প্ৰথমে ইউ এ ইৰ তিনিগৰাকী ক্ৰিকেটাৰ কৰ’নাত সংক্ৰমিত হোৱাৰ পিছত পুনৰ চাৰিগৰাকী আকৌ কৰ’নাত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। ফলত শৃংখলাটো স্থগিত কৰিবলৈ বাধ্য হৈছে।
News Sports News