পূৰ্বৰ অলিম্পিক জিমনাষ্ট প্ৰশিক্ষকৰ আত্মহত্যা

আমেৰিকাৰ পূৰ্বৰ অলিম্পিক জিমনাষ্ট প্ৰশিক্ষক John Geddert য়ে আত্মহত্যা কৰিছে। প্ৰশিক্ষক গৰাকীৰ ওপৰত যৌন শোষণ, মানৱ সৰবৰাহ আদিকে কৰি মুঠ ২৪ টা অভিযোগ উত্থাপন হৈছিল আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়া চলি আছিল। জানিব পৰা মতে এই গোচৰ বোৰৰ এটা গোচৰতো যদি অভিযোগ প্ৰমাণ হয় তেনে John Geddert গোটেই জীৱন জেলত থাকিবলগীয়াটো নিশ্চিত আছিল।

উল্লেখ্য যে এইগৰাকী প্ৰশিক্ষকে আমেৰিকাৰ লেনচিং চহৰত এক প্ৰশিক্ষণ কেন্দ্ৰ চলাই আছিল। এই কেন্দ্ৰৰে চিকিৎসক আৰু এগৰাকী ১৩ ৰ পৰা ১৬ বছৰৰ মাজৰ এথলিটে যৌন শোষণৰ অভিযোগ উত্থাপন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *