প্ৰণয় বৰদলৈৰ ক্ৰীড়াময় জীৱনৰ কিছু কথা, প্ৰত্যাহ্বান নাথাকিলে জীৱনৰ মজাই বা ক’ত…?

সাক্ষাৎ গ্ৰহণ ঃ পূৰ্ণানন্দ নেওগ

শাওণৰ ভৰ দুপৰীয়া। জুইহে বৰষিছে যেন সূৰ্য দেৱতাই। অসম ৰাজ্যিক চিৰিয়াখানাৰ সভাগৃহত সিদিনা দুঃসাহসিক ক্ৰীড়া সংস্থা এক্সপ্ল’ৰাৰৰ এক অনুষ্ঠান। সদাব্যস্ত মানুহজন সিদিনাও ব্যস্ত আছিল এক্সপ্ল’ৰাৰে আয়োজন কৰা সেই বিশেষ অনুষ্ঠানটোত। ক্ৰীড়াৰ সৈতে জড়িত যিকোনো অনুষ্ঠানৰ পৰা আঁতৰি থাকি ভাল নাপায় তেওঁ। ক্ৰীড়াপ্ৰীতি তেওঁৰ বুকুত অহৰহ বিদ্যমান। জীৱন তেওঁৰ প্ৰতিমুহূৰ্ততে অনুপম সেই ক্ৰীড়াপ্ৰীতিৰ বাবেই। পেছাৰ ব্যস্ত সূচীয়েও সেয়ে তেওঁক নিলগাই ৰাখিব পৰা নাই ক্ৰীড়াৰ পৰা।

মানুহজনে প্ৰত্যাহ্বান ভাল পায়। তাৰ বাবেই কঠিন শিলাময় পাহাৰকো নেওচা দিব খোজে। সেউজীয়াৰ প্ৰেমিক তেওঁ। সেয়ে সময়ে সময়ে কংক্ৰিটৰ মহানাগৰিক জীৱনৰ পৰা আঁতৰি সেউজীয়া পাহাৰৰ বুকুত অৰঙে-দৰঙে ঘূৰি ফুৰে, উদ্‌যাপন কৰে জীৱনটো কিছু অন্য ধৰণে। প্ৰণয় বৰদলৈ তেওঁ। অসমৰ সংবাদ জগতৰ অন্যতম চেলিব্ৰেটী সাংবাদিকজন। সাংবাদিক ব্যতিৰেকেও তেওঁৰ আছে আন এক পৰিচয়। অসমৰ দুঃসাহসিক ক্ৰীড়াৰ অন্যতম পায়নীয়াৰ তেওঁ। দুঃসাহসিক ক্ৰীড়াৰ উত্তৰণৰ বাবে অহৰহ কাম কৰি আহিছে মানুহজনে। আমি তেওঁৰ ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ পৰা কিছু সময় কাঢ়ি তেওঁৰ মুখেৰেই শুনিলো তেওঁৰ দুঃসাহসিক ক্ৰীড়া জীৱনৰ অভিজ্ঞতাৰ বৰ্ণনা। তাৰেই বছা বছা কিছু কথাৰ সম্পাদিত ৰূপ আপোনালোকলৈ আগবঢ়ালো।

১) প্ৰথমেই জানিবলৈ বিচাৰিম আপোনাৰ জীৱনৰ আৰম্ভণি কালছোৱাৰ বিষয়ে। আপোনাৰ জন্মস্থান, পিতৃ-মাতৃ, শিক্ষা-দীক্ষা আদি সম্পৰ্কে কিছু কথা।

প্ৰণয় বৰদলৈ ঃ মোৰ জন্ম গুৱাহাটীৰ শিলপুখুৰীত যদিও চানমাৰি কলনীতে মই ডাঙৰ-দীঘল হৈছো। মোৰ পিতৃ স্বৰ্গীয় হৰেন বৰদলৈ আৰু মাতৃ বীণা বৰদলৈ। আমাৰ ঘৰৰ ওচৰতে আছিল আছাম ¿ট্ৰবিউনৰ কাৰ্যালয়টো। সেয়ে পুৱা শুই উঠিয়েই বাতৰিকাকতখন পঢ়াটো এক অভ্যাসত পৰিণত হৈছিল। অষ্টম-নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই দৈনিক অসমত ক্ৰীড়া সম্পৰ্কীয় লেখা দুই-এটা লিখিবলৈ ল’লো। সেই সময়ত দৈনিক অসমত আছিল প্ৰেমধৰ শৰ্মা। তেৱেঁই মোৰ লেখাবোৰ আগ্ৰহেৰে প্ৰকাশ কৰিছিল।

পঢ়া-শুনা মই কটন কলেজিয়েট আৰু আৰ্য বিদ্যাপীঠৰ পৰা কৰিছিলো। দেউতাক সৰুতেই হেৰুৱাইছিলো। ঘৰুৱা অসুবিধাৰ বাবে সেয়ে কম বয়সতে সংস্থাপনৰ দিশত মন দিবলৈ বাধ্য হৈছিলো। প্ৰথমে এটা কোম্পানীত ছেলছৰ কাম কৰো। তাৰ পিছতে মই সংবাদক্ষেত্ৰত ভৰি দিওঁ।

২) আপুনি অসমৰ সংবাদ জগতৰ এজন দক্ষতাসম্পন্ন ব্যক্তি। সংবাদ মাধ্যমৰ সৈতে আপোনাৰ সম্পৰ্ক কেনেদৰে গঢ়ি উঠিল·

প্ৰণয় বৰদলৈ ঃ প্ৰথমে মই জ্ঞানদীপ নামৰ অলোচনীখনত যোগ দিওঁ। এয়াই আছিল সংবাদ জগতত মোৰ প্ৰথমটো খোজ। তাত কাম কৰাৰ অভিজ্ঞতা আছিল বিচিত্ৰ। ইয়াৰ পিছত আজিৰ অসম কাকতত মই ক্ৰীড়া সাংবাদিক হিচাপে যোগ দিওঁ। তাৰ পিছত আজিৰ বাতৰিখনৰ জন্মলগ্নৰ সাক্ষী হওঁ আৰু চীফ ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে কাম কৰো। এইবাৰ আজিৰ বাতৰিৰ পৰা ওলাই মনোজ গোস্বামী আৰু মোৰ বহুকেইজন সাংবাদিক বন্ধুৱে লগ লাগি হোমেন বৰগোহাঞি ছাৰৰ নেতৃত্বত আৰম্ভ কৰো আমাৰ অসম কাকতখন। আমাৰ অসমত বাৰ্তা সম্পাদক হিচাপে দায়িত্ব পালন কৰো। প্ৰায় পাঁচ বছৰ আমাৰ অসমত কাম কৰো। তেনে সময়তে অসমৰ প্ৰথমটো কেব্‌ল নিউজ চেনেল প্ৰাগ নিউজৰ জন্ম হয়। চেনেলটোৰ জন্মলগ্নৰে পৰা জড়িত হৈ পৰো। ইলেক্ট্ৰনিক মিডিয়াত সেয়া মোৰ প্ৰথমটো খোজ। ইয়াৰ পিছত মই প্ৰায় দহ বছৰ ধৰি ডি ৱাই ৩৬৫ত পৰিচালন সম্পাদক হিচাপে দায়িত্ব পালন কৰো। ২০১৮ত সঞ্জীৱ নাৰায়ণদেৱৰ অনুৰোধত পুনৰ প্ৰাগ নিউজলৈ ঘূৰি আহো।

৩) অসমৰ সংবাদ মাধ্যমক প্ৰতিনিধিত্ব কৰি আপুনি দেশে-বিদেশে খ্যাতি অৰ্জন কৰিছে। ইয়াৰে কেইটামান স্মৰণীয় মুহূৰ্তৰ বিষয়ে ক’ব নেকি·

প্ৰণয় বৰদলৈ ঃ সংবাদ জগতৰ সৈতে জড়িত বহু মনোৰম অভিজ্ঞতাৰ সাক্ষী হৈছো বিভিন্ন সময়ত। এই মুহূৰ্তত মনলৈ আহিছে শ্ৰীলংকাৰ বিদ্ৰোহী সংগঠন এল টি টি ইৰ মূল ঘাটিলৈ যোৱাৰ ঘটনাটো। মই গৈছিলো বেনটটা নামৰ ঠাইত অনুষ্ঠিত ‘ৱৰ্ল্ড এনভাইৰনমেেণ্টল জাৰ্নেলিষ্ট কনফাৰেঞ্চ’ত ভাগ ল’বলৈ। সেয়া আছিল ২০০২ চনৰ কথা। সেই সময়ত নৰৱেত এল টি টি ই আৰু শ্ৰীলংকান চৰকাৰৰ মাজত আলোচনা আৰম্ভ হৈছে। বেনটটাৰ পৰা মই জাফনালৈ গৈছিলো। জাফনাৰ ঠায়ে ঠায়ে সেই সময়ত শ্ৰীলংকান আৰ্মী আৰু এল টি টি ইৰ সমান্তৰাল চৰকাৰ। মই কিলিন’চি নামৰ ঠাই হৈ জাফনালৈ যাওঁ। কিলিন’চি আছিল ধ্বংসস্তূপৰ এখন চহৰ। চহৰখন তেতিয়া সম্পূৰ্ণৰূপে এল টি টি ইৰ দখলত। সেই ঠাইখিনিত এল টি টি ইৰ আছুতীয়া বেছ পইণ্ট বিভিন্ন বিভাগ, সংগঠনটোৰ নিজা বাতৰিকাকত আদিৰ প্ৰচলন আছিল। জাফনালৈ এনেকুৱা ঠায়ো পাৰ হৈ গৈছো, য’ত কাষৰ হাবিত মাইন পৰ্যন্ত পুতি থোৱা আছিল। এল টি টি ইৰ ঘাটিলৈ যোৱাৰ সেই যাত্ৰা শিহৰণকাৰী আছিল। সেয়ে আজিও বিশেষ স্মৰণীয় ঘটনা বুলি ক’লে সেই কথাই প্ৰথমে মনলৈ আহে।

ইয়াৰ বাহিৰেও শান্তিৰ নোবেল বিজয়ী মাদাৰ টেৰেছা গুৱাহাটীলৈ আহোঁতে লাভ কৰা তেওঁৰ সান্নিধ্য আন এটা পাহৰিব নোৱৰা স্মৃতি।

৪) আপোনাক কেতিয়াবা যদি আমি দেখিছো টেলিভিছনৰ টক্‌-শ্ব’ত এংকৰৰ ৰূপত, কেতিয়াবা আকৌ দেখিছো হিমালয়ৰ বুকুত। কেতিয়াবা যদি দেখিছো চাইক্লিষ্টৰ ৰূপত আৰু কেতিয়াবা আন বহুকেইটা ৰূপত আপোনাক আমি দেখিবলৈ পাওঁ। এজন মানুহে ইমানখিনি কাম একেলগে কেনেকৈ কৰি যায়·

প্ৰণয় বৰদলৈ ঃ প্ৰত্যাহ্বান ভাল পাওঁ মই। প্ৰত্যাহ্বান নাথাকিলে জীৱনৰ মজাই বা ক’ত· একঘেয়ামি এটা জীৱন মই কেতিয়াও বিচৰা নাই। জীৱনটো বিচিত্ৰময় কৰি তোলাৰ হেঁপাহতে চাগে একে সময়তে বহু কাম কৰি ভাল পাওঁ। একঘেয়ামি জীৱনশৈলী এটা বেয়া পাওঁ বাবেই গুৱাহাটী এৰি মাজে মাজে গুচি যাওঁ কেতিয়াবা কোনো অৰণ্যৰ মাজলৈ, আকৌ কেতিয়াবা হিমালয়ৰ বুকুলৈ। হয়তো তেজত দুঃসাহসিক ক্ৰীড়াক কঢ়িয়াই লৈ ফুৰিছো বাবেই প্ৰত্যাহ্বান ভাল পাওঁ মই। যেনে বাহিৰত ক’ৰবালৈ গ’লেও মই সু-সংবদ্ধ ট্যুৰত গৈ ভাল নাপাওঁ। অনিশ্চয়তা থাকিলেহে গৈ ভাল পাওঁ।

৫) আপোনাৰ জীৱনৰ প্ৰথম হিমালয় যাত্ৰাৰ বিষয়ে অলপ জনাব নেকি·

প্ৰণয় বৰদলৈ ঃ প্ৰথমবাৰ মই নেপাল হিমালয়ত ভৰি দিছিলো। এই যাত্ৰাত হিমালয় বগাই গৈ আমি প্ৰথমে হেলেম্বু নামৰ ঠাই পাইছিলোগৈ। সিদিনা গৈ পাওঁতে পাওঁতে সন্ধিয়া হৈছিলগৈ। পিছদিনা ৰাতিপুৱা শুই উঠি যেতিয়া বাহিৰ ওলাওঁ, দেখো হিমালয় চকুৰ সন্মুখত। বৰফাবৃত হিমালয়ৰ শিখৰৰ সেই মনোৰম দৃশ্য দেখি আৱেগিক হৈ পৰো। এতিয়াও মনত পৰে হিমালয়ৰ সেই দৃশ্য দেখি মোৰ চকুপানী ওলোৱা কথাটো। আজিও বুজি নাপাওঁ সেই চকুপানীৰ আঁৰৰ ৰহস্য। সেয়া আনন্দৰ চকুপানী আছিল নে আছিল আন কিবা!!

৬) আপোনাৰ হিমালয়প্ৰীতি হয়তো সেই  তেতিয়াৰ পৰাই আৰম্ভ হৈছিল·

প্ৰণয় বৰদলৈ ঃ  হয়, তেতিয়াৰ পৰাই হিমালয়ক ভাল পাবলৈ আৰম্ভ কৰিলো। এটা কথা ঠিক, এই যাত্ৰাত কষ্ট আছে,  কঠোৰ পৰিশ্ৰম আছে আৰু সেই কথাই মাজে মাজে বিচলিতও কৰে। তেতিয়া ভাব হয় কিয় গুৱাহাটীৰ আৰামদায়ক জীৱনটো এৰি ইমান কষ্ট স্বীকাৰ কৰি এই মৃত্যু শংকাৰ মাজত আছোহি· কিন্তু ঘূৰি আহি পোৱাৰ লগে লগে আকৌ যাবলৈ মন যায় হিমালয়ৰ বুকুলৈ।

৭) নেপাল হিমালয়ৰ বাহিৰেও হিমালয়ৰ কোন কোন প্ৰান্তত পৰ্বতাৰোহণৰ বাবে গৈছে·

প্ৰণয় বৰদলৈ ঃ যোৱা তিনিটা দশকজুৰি হিমালয়ৰ বিভিন্ন অঞ্চললৈ মই গৈছো। কাশ্মীৰৰ পৰা আৰম্ভ কৰি হিমাচল, পঞ্জাব, চিকিম, কুমাওন, গাড়োৱাল, দাৰ্জিলিং আদি হিমালয়ৰ অঞ্চলসমূহত পৰ্বতাৰোহণ কৰিছো। হিমালয়ৰ মাউণ্ট যোগিন, মাউণ্ট জইণ্ট থ্ৰী, মাউণ্ট চ’ চ’ লেং নেলডা, মাউণ্ট ৰোবোল কাং আদিৰ শিখৰলৈ আৰোহণ কৰিছো।

৮) পৰ্বতাৰোহণৰ বাহিৰেও আন কি কি দুঃসাহসিক ক্ৰীড়াত আপুনি অংশ লৈছে· সেই অভিজ্ঞতাসমূহ কেনেকুৱা·

প্ৰণয় বৰদলৈ ঃ পৰ্বতাৰোহণৰ বাহিৰেও পেৰাট্ৰুপিং কৰিছো। এন চি চি ত থাকোতে পেৰাট্ৰুপিঙৰ ক’ৰ্ছ কৰিছিলো। ৰেফটিং কৰিছো বহু ঠাইত। চেনাব, চন্দ্ৰভাগা, ঝিলামৰ পৰা আৰম্ভ কৰি বেঁকী, সোৱণশিৰি, জীয়াভৰলী আদি নদীসমূহত  ৰেফটিং কৰিছো। ইয়াৰে জীয়াভৰলী আৰু কামেঙত কেইবাবাৰো¸ হোৱাইট ৱাটাৰ ৰেফটিং  কৰিছো। এবাৰতো হোৱাইট ৱাটাৰ ৰেফটিং কৰিবলৈ গৈ মৃত্যুৰ মুখৰ পৰা বাচি আহিছো। সেয়া আছিল কোনোবা এটা পোন্ধৰ আগষ্টৰ কথা। তেতিয়া ভৰ বাৰিষাৰ সময়। আমি যি সময়ত ৰেফটিঙৰ বাবে গৈছিলো তেতিয়া জীয়াভৰলীত ৰেফটিং কৰা নিষিদ্ধ আছিল। আমি গৈছিলো এডভেঞ্চাৰ ট্যুৰিজিমৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ এখনৰ শ্বুটিঙৰ বাবে। আমাৰ দলটোত আছিল জনপ্ৰিয় অভিনেতা উৎপল দাসো। আমাক অসমৰ জীয়াভৰলীত শ্বুটিং কৰিবলৈ নিদিয়াত আমি অৰুণাচলত থকা নদীখনৰ আনটো অংশলৈ গ’লো। নদীখনৰ সেই অংশৰ গতি আছিল আৰু কোবাল। কামেং নদীখনত সেই সময়ত বিশাল ঢৌ। তাৰ মাজতে আমি ওখ গৰা সদৃশ ঢৌৰ মাজত আমাৰ ৰেফটখন নমাই দিলো। প্ৰথমেই আমাক ১২-১৩ফফুট উচ্চতাৰ নদীৰ ঢৌৱে ওপৰলৈ উঠাই লৈ গ’ল। এনেকৈ ওপৰ তল কৰি ঢৌৱে জোকাৰি থাকিল গোটেই সময়খিনি। ৰেফটৰ পৰা ছিটিকি নপৰাকৈ যে থাকিব পাৰিলো, সেই কথা ভাবি আজিও আচৰিত হওঁ।

সেয়া আছিল ৰেফটিঙৰ কথা। ৰেফটিঙৰ লগতে আৰু বহুকেইটা দুঃসাহসিক ক্ৰীড়াৰ লগত মই জড়িত হৈ আছো। বাইকিং এক্সপেডিচনত ভাগ লৈ বহু দুৰ্গম ঠাই ভ্ৰমণ কৰিছো। লেহ-লাডাখৰ লগতে ৱৰ্ল্ডছ হায়েষ্ট মটৰেবল ৰোড খাৰডুংলা (১৮,৩০০ ফুট উচ্চতা)লৈ যোৱাৰ সেই যাত্ৰা আছিল অবিস্মৰণীয়। ইয়াৰ উপৰি গুৱাহাটীৰ পৰা কন্যাকুমাৰীলৈও গৈছো বাইক এক্সপেডিচন কৰি। এবাৰ নেপালৰ পৰা বাইক এক্সপেডিচনত আহোঁতে দুৰ্ঘটনাৰো সন্মুখীন হৈছিলো। বাইকখন সন্মুখৰ গাঁত এটাত পৰাৰ পৰা বচাবলৈ যাওঁতে মই ছিটিকি দূৰৈত পৰিছিলোগৈ। অৱশ্যে মূৰত হেলমেট, শৰীৰটো সম্পূৰ্ণৰূপে গাৰ্ডেড আছিল বাবে বৰ বেছি ক্ষতি নোহোৱাকৈ বাচি আহিলো সেইবাৰ।

ইয়াৰ বাহিৰেও এছিয়ান কাৰ ৰেলীত অংশ লৈ বেংককৰ পৰা গুৱাহাটীলৈ আহিছো গাড়ী চলাই। আকৌ এবাৰ গুৱাহাটীৰ পৰা লাওচ অভিমুখে যোৱাৰো অভিজ্ঞতা হৈছিল।

৯) এজন ক্ৰীড়া সংগঠক হিচাপে কি কি সংগঠনৰ সৈতে জড়িত হৈ আছে·

প্ৰণয় বৰদলৈ ঃ বৰ্তমান মই কেইবাটাও ক্ৰীড়া সংগঠনৰ সৈতে জড়িত হৈ আছো।  ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাব, আৰু দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল’ৰাৰৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছো। ইয়াৰ লগতে কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটীৰ লগতো জড়িত হৈ আছো।

১০) বৰ্তমান চৰকাৰে গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ কথা কৈ আহিছে। ‘ক্ৰীড়া ৰাজধানী’ চৰকাৰখনে আগবঢ়োৱা এটা জনপ্ৰিয় শ্লোগান। গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰখন কেনেদৰে আগবঢ়া উচিত বুলি আপুনি ভাবে·

প্ৰণয় বৰদলৈ ঃ এটা কথা স্বীকাৰ কৰিবই লাগিব যে বৰ্তমানৰ চৰকাৰখনে পূৰ্বৰ তুলনাত ক্ৰীড়াখণ্ডত বিশেষভাৱে গুৰুত্ব দি আহিছে। গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তুলিব খোজা হৈছে সেয়া এক আশাৰ কথা। কিন্তু মই ভাবো ক্ৰীড়া ৰাজধানী হ’ব পৰাকৈ বৰ্তমানেও সিমানখিনি আন্তঃগাঁথনি গঢ় লৈ উঠা নাই। গুৱাহাটীত বৰ্তমানেও প্ৰপাৰ এখন ফুটবল ষ্টেডিয়াম নাই। গতিকে চৰকাৰে প্ৰথমে পৰ্যাপ্ত আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিব লাগে আৰু খেলুৱৈ সৃষ্টিৰ বাবে চৰকাৰে কেটচ দেম য়ং (Catch Them Young) নীতিৰ ওপৰত গুৰুত্ব দিব লাগে। তেতিয়াহে প্ৰকৃতপক্ষে দেশত ক্ৰীড়া অনুকূল পৰিৱেশ এটা গঢ় লৈ উঠিব।

শেষত অত ব্যস্ত¸তাৰ মাজতো আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ।

প্ৰণয় বৰদলৈ ঃ আপোনাকো ধন্যবাদ জনালো।

Leave a Reply

Your email address will not be published. Required fields are marked *