প্ৰথমবাৰৰ বাবে গুৱাহাটীয়ে লাভ কৰিলে বাইচাইকেল কাউঞ্চিলৰ, গঠন হ’ল গুৱাহাটী এক্টিভ মবিলিটি ফ’ৰাম

অলিম্পিয়া প্ৰতিবেদন

ব্যক্তিৰ মাজত বৰ্ধিত জীৱন শৈলী সম্বন্ধীয় ৰোগ তথা পাৰিৱেশিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হিচাবে বহুতে আজিকালি চাইক্লিঙক আঁকোৱালি লৈছে। জলবায়ু পৰিৱৰ্তনে সমগ্ৰ বিশ্বলৈ কঢ়িয়াই অনা ব্যাপক ভাবুকিৰ সময়ত চাইকেল হ’ব পাৰে পৰিবহণৰ বিকল্প উৎস। পৰিৱেশতন্ত্ৰত চাইক্লিঙে ধনাত্মক প্ৰভাৱ পেলোৱাৰ লগতে নগৰ- মহানগৰত ক্ৰমাৎ বাঢ়ি অহা তীব্ৰ যানযঁতৰ দৰে সমস্যাৰো সমাধান হ’ব পাৰে চাইকেল।

গুৱাহাটীক ২০৩০ চনৰ ভিতৰত খোজকঢ়া তথা চাইকেল বন্ধুত্বমূলক চহৰ হিচাবে গঢ়ি তোলাৰ প্ৰতি লক্ষ্য ৰাখি সেয়ে আজি গঠন কৰা হয় গুৱাহাটী এক্টিভ মবিলিটি ফ’ৰাম নামৰ এটা স্বেচ্ছাসেৱী সংগঠন। সংগঠনটোৱে চাইকেলক পৰিৱহনৰ এক সুচল মাধ্যম হিচাবে আগবঢ়াই লৈ যোৱাৰ লগতে গুৱাহাটীৰ বাট-পথসমূহ চাইকেল চলোৱা তথা খোজকঢ়াৰ অনুকূল কৰি তুলিবলৈ নিৰন্তৰ কাম কৰি যোৱাৰ লক্ষ্য বান্ধি লৈছে। ইয়াৰ বাবে জন সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে সংগঠনটোৱে অনাগত সময়ত অপেন ষ্ট্ৰীটছ, চাইকেল ৰাইডছ এণ্ড ৰেচ, ৰোড চেফটি কেম্পেইন আদি কাৰ্যসূচীৰ আয়োজন কৰাৰো লক্ষ্য আগত লৈ কাম কৰিব সংগঠনটোৱে। আজি গুৱাহাটীৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সভাত এই কথা ব্যক্ত কৰে নৱগঠিত সন্থাটোৰ কৰ্মকতাই।

ইয়াৰ লগতে আজি একেটা অনুষ্ঠানতে ঘোষণা কৰা হয় গুৱাহাটীৰ বাইচাইকেল কাউঞ্চিলৰসকলৰ নামসমূহো। উল্লেখযোগ্য যে এই বাইচাইকেল কাউঞ্চিলৰ হৈছে গুৱাহাটীৰ বাইচাইকেল মেয়ৰৰ অধীনত স্বীকৃতিপ্ৰাপ্ত স্বেচ্ছাসেৱী একোটা পদ যি গুৱাহাটী মহানগৰীত চাইকেলৰ জনপ্ৰিয়কৰণৰ বাবে কাম কৰিব। বাইচাইকেল মেয়ৰ হৈছে আমষ্টাৰ্ডামস্থিত স্বেচ্ছাসেৱী সংগঠন বাইকছ(BYCS)ৰ অধীনত নিয়োজিত এক স্বেচ্ছাসেৱী পদ। বাইচাইকেল মেয়ৰসকলে চাইকেলক পৰিবহণৰ মাধ্যম হিচাবে জনপ্ৰিয় কৰি তোলাৰ বাবে কাম কৰে। অসমৰ প্ৰথমগৰাকী বাইচাইকেল মেয়ৰ হৈছে আৰ্চেল আখটাৰ।

উল্লেখযোগ্য গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে নিয়োগ দিয়া হৈছে বাইচাইকেল কাউন্সিলৰক। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ ৯ টাকৈ ৱাৰ্ডত ৯ জনক বাইচাইকেল কাউঞ্চিলৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে। সেইসকল হৈছে ক্ৰমে, আট্রেয়া দাস(ৱাৰ্ড-১), গুঞ্জন শৰ্মা( ৱাৰ্ড-২), চিৰঞ্জীৱ বৰদলৈ(ৱাৰ্ড-৩), নয়ন মজুমদাৰ(ৱাৰ্ড- ১৪), সব্যসাঁচি পাঠক( ৱাৰ্ড-১৮), শ্ৰাৱনী শৰ্মা( ৱাৰ্ড- ২১), অনুপ শইকীয়া(ৱাৰ্ড-২৮), কৃষ্ণাজিনা শৰ্মা(ৱাৰ্ড-৩০), শ্বাৰিক হুছেইন(ৱাৰ্ড-৩১)।

তাৰোপৰি, কপিল মালাকাৰ, অৰিন্দম বাসাক আৰু চাজিদ আলীক ক্ৰমে ১, ২ আৰু ১২ নং ৱাৰ্ডৰ এম্বেচেদৰৰ দায়িত্ব অৰ্পণ কৰা হয়।

ইতিমধ্যে, অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন অভিনেতা আদিল হুছেইনেও অসমত বাইকছ নামৰ সংগঠনটোৰ চাইকেলৰ জনপ্ৰিয়কৰণৰ এই পদক্ষেপক উচ্চ প্ৰশংসা কৰে। হুছেইনে তেওঁৰ ফেচবুক, ইনষ্টাগ্ৰাম আদি একাউণ্টৰ জৰিয়তে অনুষ্ঠানটোলৈ শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *