প্ৰাক্তন খেলুৱৈ-ক্ৰীড়া সংগঠকৰ পৰলোক


নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকা

নগাঁও চহৰৰ বৈদ্যটুপ নিবাসী ক্ৰীড়া পেন্সনাৰ ফটিক চন্দ্ৰ শৰ্মা(৭৮)ৰ দেওবাৰে নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে।অসম যোগ সংস্থা তথা নগাঁও জিলা যোগ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰ্মা বিগত কিছুবছৰ ধৰি স্নায়ু ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। এগৰাকী দৌৰবিদ আৰু ফুটবলাৰৰূপেও পৰিচিত বৰ্ষীয়ান ক্ৰীড়া সংগঠকগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃক্ৰীড়া সমাৰোহৰ ১৫০০মিটাৰ দৌৰত প্ৰথমস্থান অৰ্জন কৰিছিল।

বি.এছ.এন.এল.বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া শৰ্মাই বিগত সময়ত অসম জিমনাষ্টিক সন্থাৰ বিষয়ববীয়াৰূপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ভাৰতীয় যোগ ফেডাৰেচনৰো প্ৰাক্তন যুটীয়া সম্পাদক আছিল।তেওঁৰ বিয়োগত অসম জিমনাষ্টিকছ সন্থাৰ উপৰি অসম যোগ সংস্থাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোকপ্ৰকাশ কৰিছে।অসম যোগ সংস্থাৰ অধ্যক্ষ ডাঃ কৃষ্ণ কুমাৰ বৰা,সভাপতি তপন কুমাৰ দাস,সম্পাদক প্ৰভাত চন্দ্ৰ বৰা,যুটীয়া সম্পাদক সমীৰ হাজৰিকা,ক্ৰীড়া সংগঠক প্ৰমোদ কোঠাৰী,মৃনাল কুমাৰ হাজৰিকা,দেৱজিত দাস আৰু দেৱজ্যোতি গোস্বামী আদিয়েও তেওঁৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰে।মৃত্যুৰ সময়ত তেওঁ পত্নী,দুজন পুত্ৰ,বোৱাৰী,এজনী জী,জোঁৱাইৰ লগতে বহু গুণমুগ্ধক ইহ-সংসাৰত এৰি থৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *