ফেব্ৰুৱাৰীত GSAৰ আম্পায়াৰৰ পৰীক্ষা

আগন্তুক ফেব্ৰুৱাৰী মাহত অসম ক্ৰিকেট সন্থাই গুৱাহাটী স্প’ৰ্টছ এচ’ছিয়েশ্বনৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত কৰিব তৃতীয় শ্ৰেণীৰ আম্পায়াৰৰ পৰীক্ষা। পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আম্পায়াৰ সকলৰ বয়সৰ ৩৫ বছৰৰ অধিক হ’ব নোৱাৰিব আৰু নূন্যতম শিক্ষাগত অৰ্হতা মেট্ৰিক উত্তীৰ্ণ হ’ব লাগিব। এই পৰীক্ষাত যিসকলে অৱতীৰ্ণ হ’বলৈ আগ্ৰহ প্ৰকাশ কৰে তেওঁলোকে ২৮ জানুৱাৰীৰ ভিতৰত ইয়াৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব। এই বিষয়ত ইচ্ছুক পৰীক্ষাৰ্থী সকলে গুৱাহাটী স্প’ৰ্টছ এচ’ছিয়েশ্বনৰ ক্ৰিকেট সম্পাদক বাবলু চৌধুৰীৰ লগত ৯৪৩৫১ ১২৬৭৮ আৰু ৯৭০৬২ ৯৯৪৯১ মোবাইল নাম্বাৰত আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৬:৩০ বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *