বিক্ৰী হ’ব অসমৰ ক্ৰীড়া প্ৰকল্পসমূহ!

বিক্ৰী হ’ব অসমৰ ক্ৰীড়া প্ৰকল্পসমূহ। ইতিমধ্যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে ৰাজ্য চৰকাৰক এই ক্ৰীড়া প্ৰকল্পৰ মূল্য নিৰ্ধাৰণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, ২৭ টা তৈলক্ষেত্ৰ, কামাখ্যা ৰেল ষ্টেচনে ধৰি কেন্দ্ৰীয় চৰকাৰৰ পৰিচালনাত চলি থকা অসমৰ বহু সম্পদ নৰেন্দ্ৰ মোডী চৰকাৰে ইতিমধ্যে ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিছে। ইয়াৰ পিছত এতিয়া অসম চৰকাৰৰ অধীনস্থ ৰাজ্যিক সম্পদসমূহো বিক্ৰীৰ বাবে মন মেলিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে।

আজি ৰাজ্যৰ এক সম্ভ্ৰান্ত বাতৰি কাকত ”দৈনিক অসমত” ৰাজ্যৰ প্ৰখ্যাত সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ ”ৰাজ্যৰ সম্পদ বিক্ৰীৰ ব্যৱস্থা সম্পূৰ্ণ” নামেৰে এক প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদনতে ৰাজ্যৰ ক্ৰীড়া প্ৰকল্পসমূহ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডক বিক্ৰীৰ বাবে প্ৰস্তুতি চলোৱা বুলি জানিবলৈ পৰা গৈছে।

কাকতখনত উল্লেখ কৰা অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগে চলিত বছৰৰ ২৫ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ মুখ্য সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে (পত্ৰ নং ডি অ’ নং এন ১৪০৭০/১৪/২০২০ পি পি পি) ।সেই পত্ৰখনৰ জড়িয়তে মুখ্য সচিবক কোৱা হৈছে যে ২০২১ চনৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেট প্ৰস্তাৱ মৰ্মে ২০২১-২০২২ চনত সম্পদৰ মূল্য নিৰ্ধাৰণৰ ৰোডমেপ সম্পূৰ্ণ কৰা হ’ব।

সেই মতে ৰাজ্যিক ঘাইপথসমূহ, বিদ্যুৎ উৎপাদন প্ৰকল্প, ক্ষুদ্ৰ পোৰ্ট, ৱেৰহাউচ, বহুমুখী টাৰ্মিনেল, লজিষ্টিক পাৰ্ক, বাছ টাৰ্মিনেল, চৰকাৰে ভাৰাত দিয়া সম্পদ আদিৰ লগতে ৰাজ্যৰ ক্ৰীড়া প্ৰকল্প সমূহৰ মূল্য নিৰ্ধাৰণ কৰিব লাগে। এই সম্পদসমূহৰ মূল্য নিৰ্ধাৰণ কৰি অচিৰেই কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিবলৈ দিয়া হৈছে। এই সম্পদসমূহৰ আন্তঃগাঁথনি আদিৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ দিয়া হৈছে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে প্ৰথমে সম্পদ বিক্ৰী কৰাৰ পূৰ্বে সম্পদৰ মূল্য নিৰ্ধাৰণ কৰে। ইয়াৰ পিছত পৰ্যায়ক্ৰমে ব্যক্তিগত খণ্ডক বুজাবুজিৰ মাধ্যমেৰে সম্পদসমূহ হস্তান্তৰ কৰে।যিহেতু অসমৰ অন্যান্য সম্পদৰ লগতে ক্ৰীড়া প্ৰকল্প সমূহৰো মূল্য নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে তাৰ পৰা বুজিব পৰা যায় যে আগন্তুক সময়ত পৰ্যায়ক্ৰমে নৰেন্দ্ৰ মোডী চৰকাৰে অসমৰ এই সম্পদসমূহ বিক্ৰী কৰিবলৈ অসম চৰকাৰক বাধ্য কৰাব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *