বিদেশী লীগত খেলিব নোৱাৰে ভাৰতীয় ক্ৰিকেটাৰে : নতুন মূৰ ল’লে বিতৰ্ক‌ই

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ঐশ্বয্যশালী প্ৰতিযোগিতা আই পি এলত দেখা যায় বহু বিদেশী ক্ৰিকেটাৰ। ফ্ৰেঞ্চাইজিসমূহেও বিদেশী ক্ৰিকেটাৰসকলক যথেষ্ট ধনো প্ৰদান কৰে। কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে কোনো ভাৰতীয় খেলুৱৈক আই পি এলৰ বাহিৰে বিদেশী লীগত খেলাৰ অনুমতি প্ৰদান নকৰে। যদি কোনো ভাৰতীয় খেলুৱৈয়ে বিদেশী লীগত অংশগ্ৰহণ কৰে তেনে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ক্ৰিকেটাৰৰ নাম নিজৰ তালিকাৰ পৰা কৰ্তন কৰে।

শেহতীয়াকৈ কলকাতা নাইটৰাইডাৰ্ছৰ অধিনায়ক ইয়ন মৰ্গেনে বি চি চি আইয়ে ভাৰতীয় ক্ৰিকেটাৰক বিদেশত খেলিব নিদিয়া প্ৰসংগৰ বিতৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিলে। তেওঁ স্পষ্টকৈ কৈছে যে ভাৰতীয় ক্ৰিকেটাৰে বিদেশৰ লীগত অংশগ্ৰহণ কৰিব বিচাৰে। ইংলেণ্ডৰ The 100 লীগৰ লগতে অন্যান্য লীগটো খেলিব বিচাৰে ভাৰতীয় ক্ৰিকেটাৰে।

তেওঁ কয়, ভাৰতীয় ক্ৰিকেটাৰে ভ্ৰমণ কৰি নতুন পৰিৱেশৰ সতে চিনাকী হ’বলৈ বিচাৰে। ইয়াৰ উপৰিও এই লীগ সমূহত ভাগ লোৱাৰ ক্ষেত্ৰত ভাৰতীয় খেলুৱৈক বাধা দিবলৈ আই চি চিৰ তেনেকুৱা কোনো নীতি নাই বুলিও উল্লেখ কৰিছে।

উল্লেখ্য যে , ইংলেণ্ডৰ The 100 লীগত ভাৰতীয় খেলুৱৈৰ অন্তৰ্ভুক্তি বিচাৰি বি চি আইলৈ পত্ৰ প্ৰেৰণ কৰিছিল ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে। এই লীগত ১০০ টা বলৰ মেচ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *