বিপদত বিৰাট কোহলি

বিপদত বিৰাট কোহলি। কেৰেলা উচ্চ ন্যায়ালয়ে ক্ৰিকেটাৰগৰাকীলৈ আইনী জাননী প্ৰেৰণ কৰিছে। MPL নামৰ এটা অনলাইন ৰামি গেমৰ ব্ৰেণ্ড এম্বেচাদৰ হোৱাৰ বাবেই বিৰাট এতিয়া বিপদত পৰিছে। MPL নামৰ এই মোবাইল গেমটোৰ জড়িয়তে জুৱাৰ প্ৰচলন কৰাৰ অভিযোগ উত্থাপিত হৈছে। সামাজিক মাধ্যমত এই মোবাইল এপটো নিষিদ্ধ কৰাৰো দাবী উত্থাপন হৈছে। বিৰাটে MPL ৰ ব্ৰেণ্ড এম্বেচাদৰ হৈ এই জুৱাক অধিক প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে বুলি দাবী উত্থাপিত হৈছে।

ইয়াৰ পূৰ্বেও ২০২০ চনৰ জুলাই মাহত চেন্নাইৰ এগৰাকী অধিবক্তাই মাদ্ৰাজ উচ্চ ন্যায়ালয়ত এই বিষয়টোৰ ওপৰত এক আৱেদন দাখিল কৰিছিল। পৰৱৰ্তী সময়ত বিৰাটকে প্ৰমুখ্যে কৰি যিসকল চেলিব্ৰেটি ব্ৰেণ্ড এম্বেচাদৰ হৈ আছিল সকলোলৈকে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে জাননী প্ৰেৰণ কৰাৰ লগতে ৰাজ্য চৰকাৰলৈও জাননী প্ৰেৰণ কৰিছিল।

এই অনলাইন ৰামি গেমছ খেলি ইতিমধ্যে সৰ্বশ্ৰান্ত হোৱা এগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত কৈছে এইদৰে, “এইক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ আশা কৰিছোঁ। মই এনেকুৱা বহু লোকক জানোঁ যিয়ে এনেধৰণৰ খেলত বহুত প‌ইছা হাৰিছে। মই নিজেই ৬ লাখ টকা হাৰিছো। নিশ্চতভাৱে এই খেলৰ ব্ৰেণ্ড এম্বেচাদৰসকলে সহজ সৰল লোকক আকৰ্ষিত কৰিবলৈ মুখ্য ভূমিকা পালন কৰে, যি অতি সোনকালেই লোকসকলৰ বাবে আসক্তি হৈ পৰে। ম‌ই এই খেলৰ অভ্যাস এৰিবলৈ চিকিৎসাৰ সহায় লব লগীয়া হৈছিল।ন্যায়ালয়ে সোনকালেই এই খেল নিষিদ্ধ কৰিব লাগে।

উল্লেখ্য যে পোন প্ৰথমে ৰাজ্যসভাত অনলাইন ৰামি গেমত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ দাবী উত্থাপিত হৈছিল। ৰাজ্যসভাত স্পষ্টকৈ কোৱা হৈছিল এই খেলে প‌ইছাৰ লালখা দেখুৱাই যুৱক সকলক নষ্ট কৰিছে। ৰাজ্যসভাৰ অধ্যক্ষ ভেংকেয়া নাইডুৱে আইন মন্ত্ৰীক এই বিষয়ত চকু দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *