বৰ্ণ বিদ্বেষৰ বিৰুদ্ধে সাহসীকতাৰে মুখ খুলিছে ছেৰেনা উইলিয়ামছে

অলিম্পিয়াৰ প্ৰতিবেদন

নিজৰ কেৰিয়াৰত বহুবাৰ বৰ্ণ বিদ্বেষৰ বলি হ’বলগীয়া হৈছিল আমেৰিকাৰ টেনিছ তাৰকা ছেৰেনা উইলিয়ামছ। কৃষ্ণাংগ হোৱাৰ বাবেই ছেৰেনাই যোগ্য স্বীকৃতিৰ লগতে উপযুক্ত অৰ্থ লাভ নাইকৰা বুলি আক্ষেপ প্ৰকাশ কৰিছে।

ব্ৰিটিছ আলোচনী ভ’গৰ এক সাক্ষাৎকাৰত ছেৰেনাই নিজৰ কেৰিয়াৰত সন্মুখীন হৈ অহা বৰ্ণ বিদ্বেষৰ বিষয়ে আলোচনীখনৰ সাক্ষাৎকাৰত সাহসীকতাৰে প্ৰকাশ কৰিছে। আনহাতে শেহতীয়াকৈ আৰম্ভ হোৱা ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলনক সমৰ্থন জনাই ছেৰেনাই কৈছে, বৰ্ণবাদ, বৈষম্যমূলক ঘটনাক সকলোৰে মাজলৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে প্ৰযুক্তিয়ে। বৰ্ণবাদৰ লগত জড়িত বহু কথা এতিয়া প্ৰকাশ পাইছে। আগতে সকলো কথা পোহৰলৈ অহা নাছিল। ইমান দিনে মানুহে সকলো সহ্য কৰি আহিছিল। আগতে কোনেও ফোন উলিয়াই এনেবোৰ ঘটনাৰ ভিডিঅ’ কৰিব পৰা নাছিল।

ছেৰেনাই কৈছে যে তেওঁ গোটেই কেৰিয়াৰত বৰ্ণবাদৰ বিৰোধীতা কৰি আহিছে। বৰ্ণবাদৰ আচৰণৰ সন্মুখীন হৈয়ে ছেৰেনাই এসময়ত বি এন পি পাৰিবাছ অ’পেনত ল’কাৰ ৰূমত সোমাই ঘণ্টা জুৰি কান্দি আছিল বুলিও সাক্ষাৎকাৰটোত কৈছে।

বৰ্ণবাদৰ বাবেই ২০১৮ চনৰ ইউ এছ অপেনত এনে আচৰণৰ সন্মুখীন হৈ ছেৰেনাই নিজৰ ৰেকেটখন ভাঙি পেলাইছিল। যাৰ বাবে তেওঁৰ প‌ইণ্ট কৰ্তন কৰা হৈছিল বুলি জানিবলৈ দিছে।

কেৰিয়াৰত বিভিন্ন সময়ত দেহৰ বৰণৰ বাবেই অনাকাংক্ষিত আচৰণৰ বলি হৈ আহিছে যদিও ছেৰেনাই নিজকে এগৰাকী কৃষ্ণাঙ্গ নাৰী হিচাপে গৌৰৱবোধ কৰে বুলি জনাইছে। তেওঁ আশা কৰে খুব সোনকালেই মানুহৰ মনোভাৱ সলনি হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *