ভাৰতৰ পাঁচজন ভৱিষ্যত তাৰকা যাৰ বয়স ১৫ বছৰতকৈ কম

ভাৰতৰ কেইবাগৰাকীও জুনিয়ৰ পৰ্যায়ৰ খেলুৱৈৰ প্ৰদৰ্শনে শেহতীয়াকৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা তেওঁলোকৰ পাৰদৰ্শিতাই বিশেষজ্ঞসকলৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। ১৫বছৰতকৈ কম এইসকল খেলুৱৈয়ে ভৱিষ্যত সময়ত ক্ৰীড়া ক্ষেত্ৰত উজলি উঠাৰ উমান এতিয়াই দিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চিত হৈ পৰা এই খেলুৱৈসকলে টেনিছ, শ্বুটিং, সাঁতোৰৰ লগতে অন্যান্য ক্ৰীড়াক প্ৰতিনিধিত্ব কৰি খুব কম সময়তে জনপ্ৰিয় হৈ পৰিছে।

এই খেলুৱৈসকলৰ ভিতৰত প্ৰথমেই নাম আহে উৰিষ্যাৰ চৌহিনী মহাণ্টীৰ। ১২বছৰীয়া এইগৰাকী টেনিছ খেলুৱৈয়ে ২০১৯ বৰ্ষত অনূৰ্ধ্বৰ ১২ বছৰ শাখাত নেচনেল চুপাৰ চিৰিজ টুৰ্ণামেণ্টৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। মাত্ৰ ১২বছৰ বয়সতে এইগৰাকী টেনিছ খেলুৱৈয়ে ৪০ টাতকৈ অধিক নেচনেল খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। চৌহিনীয়ে অনূৰ্ধ্বৰ ১২বছৰৰ উপৰিও অনূৰ্ধ্ব১৪ বছৰ বয়সৰ শাখাতো খেলি আহিছে।

তালিকাৰ দ্বিতীয় স্থানত নাম আহে অসমৰ মাত্ৰ ৯ বছৰীয়া প্ৰীতম ব্ৰহ্মৰ। প্ৰীতমে বেবী লীগত গুৱাহাটী এফ চিৰ হৈ খেলিছে। প্ৰতিযোগিতাখনত প্ৰীতম ম’ষ্ট ভেল্যুৱেবল খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। প্ৰতিযোগিতাখনত প্ৰীতমে ১৮ টা গ’ল কৰাৰ লগতে ১৬টা এচিষ্ট কৰিবলৈ সক্ষম হৈছিল। প্ৰীতমৰ এই সফলতাৰ বাবেই জাৰ্মানীৰ পূৰ্বৰ ফুটবলাৰ অ’জিলে আৰ্চেনাল ক্লাবৰ তেওঁ পৰিধান কৰা ১০নম্বৰৰ এটা জাৰ্চি উপহাৰ হিচাপে পঠিয়াই দিছিল।

চৰ্চাত থকা তৃতীয়গৰাকী খেলুৱৈ ১০ বছৰীয়া হনসিনি ৰাজন। চেন্নাইৰ এইগৰাকী টেবুল টেনিছ খেলুৱৈয়ে ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় টেবল টেনিছ ফেডাৰচনে চুইডেনত অনুষ্ঠিত কৰা চুইডিছ অপেনত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল। পূৰ্বৰ টেবুল টেনিছ খেলুৱৈ ছৰথ কমলৰ প্ৰশিক্ষক মুৰুলীধৰা ৰাওৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা হনসিনি ৰাজনক ২০২৮ অলিম্পিকৰ বাবে প্ৰস্তুত কৰি থকা হৈছে বুলি জানিব পৰা গৈছে।

চৰ্চাৰ চতুৰ্থ স্থানত আছে অভিনৱ শ্ব। বেংগলৰ মাত্ৰ ১২ বছৰীয়া অভিনৱ শ্ব এজন সফল শ্বুটাৰ। খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত স্বৰ্ণ পদক অৰ্জন কৰি তেওঁ শ্বুটিঙত স্বৰ্ণ পদক অৰ্জন কৰা সবাতোকৈ কণিষ্ঠ খেলুৱৈ ৰূপে পৰিগণিত হৈছিল। এইগৰাকী খেলুৱৈৰ নাম অলিম্পিক স্বৰ্ণ বিজয়ী শ্বুটাৰ অভিনৱ বিন্দ্ৰাৰ নামত ৰখা হৈছে।

চৰ্চাৰ পঞ্চম স্থানত থকা খেলুৱৈ গৰাকী ১৫ বৰ্ষীয় লক্ষ্য শৰ্মা। দেশৰ বেডমিণ্টনৰ ভৱিষ্যৎ তাৰকা বুলি কোৱা হয় লক্ষ্য শৰ্মাক। অনূৰ্ধ্বৰ ১৫বছৰ আৰু অনূৰ্ধ্বৰ ১৭ বছৰ শাখাত তেওঁ প্ৰতিনিধিত্ব কৰে। ২০১৯ বৰ্ষত তেওঁ দুখনকৈ চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰাৰ লগতে কেইবাটাও নেচনেল খিতাপ জয় কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *