ভাৰতৰ পৰা টি-২০ বিশ্বকাপ স্থানান্তৰৰ দাবী উত্থাপন কৰিব পাকিস্তানে

ভাৰতৰ পৰা টি-২০ বিশ্বকাপ স্থানান্তৰ কৰিবলৈ দাবী জনাব পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। ভাৰতৰ পৰিৱৰ্তে ইউনাইটেড আৰৱ এমীৰেটছলৈ স্থানান্তৰ কৰিবলৈ আই চি চিৰ ওচৰত দাবী উত্থাপন কৰিব পাকিস্তানে। ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি-২০বিশ্বকাপলৈ মাজত মাত্ৰ কেইটামান মাহ। আগন্তুক অক্টোবৰ-নৱেম্বৰ মাহত ভাৰতত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। এই বিশ্বকাপত অংশগ্ৰহণ এতিয়াও নিশ্চিত হোৱা নাই পাকিস্তানৰ। ভাৰত আৰু পাকিস্তানৰ মাজত ৰাজনৈতিক, কুটনৈতিক সম্পৰ্ক অৱনতি হোৱাৰ বাবেই ভাৰতে পাকিস্তানক ভিছা প্ৰদান বন্ধ কৰি থৈছে। এনে পৰিস্থিতিত পাকিস্তানৰ ক্ৰিকেটাৰে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাটো নিশ্চিত হোৱা নাই। সেয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আগতীয়াকৈ ভিছাৰ নিশ্চিতকৰণ বিচাৰিছে। পাকিস্তানৰ ফালৰ পৰা কোৱা হৈছে, মাৰ্চৰ ভিতৰত ভাৰতে পাকিস্তানৰ খেলুৱৈ, দলীয় মেনেজমেণ্ট, অনুৰাগীক ভিছা প্ৰদান কৰাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব। এনে নকৰিলে প্ৰতিযোগিতাখন ইউ এ ইত অনুষ্ঠিত কৰিবলৈ আই চি চিৰ ওচৰত দাবী উত্থাপন কৰিব পাকিস্তানে।ইয়াৰ উপৰিও পাকিস্তানৰ ক্ৰিকেটাৰ, দলীয় মেনেজমেণ্ট আৰু প্ৰতিগৰাকী অনুৰাগীক সুৰক্ষা প্ৰদানৰ লিখিত প্ৰতিশ্ৰুতি দিব লাগিব ভাৰতে।

Leave a Reply

Your email address will not be published. Required fields are marked *