ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্টৰ মাজত সৃষ্টি হোৱা বৰ্ণবৈষম্যৰ ভিডিঅ’ ভাইৰেল

অষ্ট্ৰেলিয়াত বৰ্ণবৈষম্যৰ বলি হোৱা ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ সকলো সদস্য আৰু অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰি ক্ৰিকেট অষ্ট্ৰেলিয়াই সম্পূৰ্ণ ঘটনাটোৰ তদন্ত ঘোষণা কৰিছিল। কোৱা হৈছিল উপযুক্ত প্ৰমাণ পালে সুৰাসক্ত অষ্ট্ৰেলিয়ান দৰ্শক কেইজনক শাস্তি প্ৰদান কৰা হ’ব। শেহতীয়াকৈ সামাজিক মাধ্যমত এক ভিডিঅ’ ভাইৰেল হৈছে। য’ত স্পষ্টকৈ দেখা গৈছে কিদৰে অষ্ট্ৰেলিয়ান দৰ্শকে ছিৰাজক লক্ষ্য কৰি অপমানসূচক মন্তব্য কৰিছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুৰাসক্ত অষ্ট্ৰেলিয়ান দৰ্শক কেইজনক এই ভিডিঅ’ৰ আলম লৈ উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সামাজিক মাধ্যমত দাবী উত্থাপন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *