মণ্টিনেগ্ৰ’ এড্ৰিয়াটিক পাৰ্ল বক্সিং টুৰ্ণামেণ্টত ভাৰতীয় মহিলাৰ আধিপত্য : পাঁচটা স্বৰ্ণৰ সৈতে মুঠ ১০ টা পদকেৰে শীৰ্ষত ভাৰত

মণ্টিনেগ্ৰ’ এড্ৰিয়াটিক পাৰ্ল বক্সিং টুৰ্ণামেণ্টত ভাৰতীয় মহিলা দলটোৱে আধিপত্য বিস্তাৰ কৰি শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ৫ টা স্বৰ্ণ, ৩ টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ পদকেৰে ভাৰতীয় মহিলা দলটোৱে পদক তালিকাৰ শীৰ্ষ স্থান অধিকাৰ কৰাৰ বিপৰীতে ভাৰতীয় পুৰুষ দলটোৰ প্ৰদৰ্শন অতি দুৰ্বল হিচাপে পৰিগণিত হৈছে।

প্ৰতিযোগিতাখনত ভাৰতৰ ভিংকাষ্টে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বক্সাৰৰ সন্মান দখল কৰিছে। তেওঁ ৬০ কিল’গ্ৰাম শাখাত স্বৰ্ণ পদক লাভ কৰিছিল। আনহাতে বেবীৰজিচানা চানুৱে ৫১ কিল’গ্ৰাম শাখাত, অৰুন্ধতী চৌধুৰীয়ে ৬৯ কিল’গ্ৰাম শাখাত, টি ছানামছা চানুৱে ৭৫ কেজি শাখাত আৰু অশ্বিয়া পাঠানে ৮১ কিল’গ্ৰাম শাখাত স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছে।

ইফালে প্ৰতিযোগিতাখনত ভাৰতীয় পুৰুষ দলটোৱে মাত্ৰ দুটা ব্ৰঞ্জৰ পদক হে দখল কৰিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনত ভাৰতে ১৯ জন বক্সাৰৰ সৈতে অংশগ্ৰহণ কৰি মুঠ ১২টা পদক দখল কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *