জন্মঃ ১৯৬৩
পিতৃ-মাতৃঃ গোপাল বৰুৱা, আৰতি বৰুৱা
লিংগঃ মহিলা
খেলঃ টেবুল টেনিছ


ৰাষ্ট্ৰীয় টেবুল টেনিছৰ চেম্পিয়ন মনালিছা বৰুৱাই বহুকেইবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে আধিনায়কৰ ভূমিকা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সফলতাৰ জৰিয়তে ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণীৰ বাবে ভাৰত চৰকাৰে এইগৰাকী অসম কন্যালৈ ক্ৰীড়া ক্ষেত্ৰৰ সবোচ্ৰ্চ সন্মান অৰ্জুন বঁটা প্ৰদান কৰিছে।