মুদৈ সন্ধানী প্ৰাইজমানি ফুটবল; এক্স ইলেভেন চাবুৱা দল চেম্পিয়ন

ডিব্ৰুগড়ৰ পৰা শচীন্দ্ৰ লাল ভূঞাৰ প্ৰতিবেদন

চাবুৱা ক্রীড়া সন্থাৰ অন্তৰ্গত মুদৈ গাঁও সন্ধানী স্পৰ্টছ ক্লাবৰ উদ্যোগত বগদুং স্কুল খেলপথাৰত মঙ্গলবাৰে অনুষ্ঠিত মুদৈ সন্ধানী প্ৰাইজমানি ফুটবলত এক্স ইলেভেন চাবুৱা দলে খিতাপ দখল কৰে। ফাইনেলত দলটোৱে ন্যূনতম গ’লত পৰাস্ত কৰে মুদৈ যুৱ ক্রীড়া মঞ্চক। তুমুল প্ৰতিদ্বন্দিতামূলক মেচখনৰ দ্বিতীয়াৰ্ধৰ ৫ মিনিটত এক্স ইলেভেন দলৰ নয়নজ্যোতি বৰাই মৰা কৰ্ণাৰ কিকৰ পৰা পোৱা বল আকাশ কৰ্মকাৰে সুন্দৰ হেডিঙেৰে বিজয়সূচক গ’লটো স্ক’ৰ কৰে। খেল পৰিচালনা কৰে সন্তোষ গোহাঁই, বিজেন বিছুৱাল, ৰঞ্জন শাহু আৰু প্ৰবোধ গগৈয়ে। আৰম্ভণিতে বিধায়ক পোনাকন বৰুৱা, শিক্ষাবিদ প্ৰদীপ হাজৰিকা, ক্ষীৰেশ্বৰ দাস, ধৰ্মেন্দ দুৱৰা, আৰক্ষী বিষয়া যতীন মহন, গোপীনাথ গোহাঁই আৰু ট্ৰফী দাতা পৰিয়ালৰ সদস্যৰ খেলুৱৈক পৰিচয় কৰি দিয়া হয়। বিজয়ী দলৰ দীপু গোহাঁইয়ে ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ, নয়নজ্যোতি বৰুৱাই সৰ্বোচ্চ গ’লদাতা আৰু অনিল দুৱৰা, অপূৰ্ব দত্তই শ্ৰেষ্ঠ গ’লৰক্ষকৰ সন্মান লাভ কৰে। সাংস্কৃতিক কৰ্মী প্ৰয়াত কুশল বৰুৱাৰ সোঁৱৰণত তেওঁৰ পত্নী দীপাঞ্জলি বৰুৱাই নগদ ধনৰ পুৰস্কাৰ আগবঢ়ায়। বিজিত দলক ৰামদাস মাঝি সোঁৱৰণী নগদ ধন প্ৰদান কৰে পুত্ৰ মনোজ মাঝিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *